Wednesday, October 8, 2025

Rupam Talukdar FB Wall

 ⛔গাৰ্গ বংশাৱলী⛔

ভগৱান ব্ৰহ্মাৰ বহুকেইজন মানসপুত্ৰৰ মাজত এজন আছিল "ঋষি আংগিৰা"। তেখেতে ঋকবেদৰ কিছু অংশ লিখিছিল। তেখেতে বিয়া কৰাইছিল দক্ষ প্রজাপতিৰ জীয়েক স্মৃতিক। সেইহিচাপে মহাদেৱ আছিল ঋষি আংগীৰাৰো ভিনদেউ। 

আংগিৰাৰ পুত্ৰ আছিল বৃহস্পতি। এই বৃহস্পতি ঋষিয়েই হল দেৱতাসকলৰ গুৰু।

বৃহস্পতি ঋষিৰ পুত্ৰ আছিল ঋষি ভৰদ্বাজ। যিজনে অৰ্থনীতি, ঔষধ, ব্যাকৰণ আদিৰ ওপৰত পুথি ৰচনা কৰিছিল। তদুপৰি ঋকবেদৰ ষষ্ঠ মণ্ডলো তেখেতেই ৰচনা কৰিছিল। 

এই ঋষি ভৰদ্বাজৰ বহুকেইজন সন্তানৰ ভিতৰত তিনিজন সুপ্ৰসিদ্ধ আছিল। তেওঁলোক 3 জন হল- 

1) জীয়েক - ইলাভিদা। ইলাভিদাৰ পুত্ৰ হল কুবেৰ। যাক ধনকুবেৰ বুলিও কোৱা হয়। লংকা আৰু পুষ্পক বিমানৰ মূল অধিকাৰী কুবেৰেই আছিল।

2) পুত্ৰ- দ্ৰোণাচাৰ্য। যিজনে কৌৰব আৰু পাণ্ডৱক যুদ্ধবিদ্যা শিকাইছিল। মহাভাৰতৰ যুদ্ধ যুঁজিছিল।

3) পুত্ৰ- মহৰ্ষি আদ্য গাৰ্গ। তেখেত আছিল শিক্ষক তথা জ্যোতিষী। সেয়েহে সকলোৱে গাৰ্গাচাৰ্য্য বুলি মাতিছিল। ঋকবেদ আৰু যজুৰ্বেদৰ কিছু অংশ গাৰ্গাচাৰ্য্যই ৰচনা কৰিছিল। তেখেতে লিখি উলিয়াইছিল "গাৰ্গ সংহিতা"। তেখেত আছিল যাদৱ বংশৰ কুলগুৰু। নন্দৰজা আৰু যশোদাই নিজৰ দুই কেঁচুৱা শিশুৰ নামাকৰণ কৰিবলৈ গাৰ্গাচাৰ্য্যৰ ওচৰতেই লৈ গৈছিল। গাৰ্গাচাৰ্য্যই ডাঙৰটিৰ নাম দিলে বলোৰাম, আৰু সৰুটিৰ নাম দিলে কৃষ্ণ। এই কৃষ্ণই আছিল ভগৱান শ্ৰীকৃষ্ণ।

পিছলৈ গাৰ্গাচাৰ্য্যৰ বংশত আছিল "শিনি" যাক দ্বিতীয় গাৰ্গাচাৰ্য্য আৰু "শৈনেয়" যাক তৃতীয় গাৰ্গাচাৰ্য্য বুলি জনা গৈছিল। 

গাৰ্গ বংশৰ পূৰ্বজ সকল আছিল একো একোজন বিদগ্ধ পণ্ডিত। এজন ব্যক্তিৰ জ্ঞান, দক্ষতা, প্ৰতিভা নিজৰ পূৰ্বজৰ পৰাও আহে। বহুতে এই কথা কলে খিংখিঙাই উঠে। পিছে বংশগত ভাবে যদি বেমাৰ আহিব পাৰে, বংশগত ভাবে যদি চকুৰ মণিৰ ৰং একে হব পাৰে, বংশগত ভাবে যদি চুলি কেঁকোৰা হব পাৰে, তেন্তে বংশগত ভাবে জ্ঞান, প্ৰতিভাও আহিব পাৰে। 

এজন গাৰ্গে মোৰ কোনো জাতি নাই, ধৰ্ম নাই বুলি কৈ লগুন চিঙি দিয়া কথাটোৱেই একাংশ বালপন্থীয়ে বাৰে বাৰে লিখি ফুৰে। পিছে সেই বালপন্থী বোৰে জনা উচিত যে জাতি নাই বুলি কলেই তেখেতৰ পূৰ্বজ সলনি হৈ নাযায়। বংশগত ভাবে পোৱা জ্ঞান প্ৰতিভা সলনি হৈ নাযায়। 

যিটো বংশৰ মানুহে বেদ, সংহিতা লিখি উলিয়াইছিল, যিটো বংশৰ মানুহে Economics, Medicine, Grammer, Astrology ৰ ওপৰত পুথি লিখি উলিয়াইছিল, যিটো বংশৰ মানুহক স্বৰ্গৰ দেৱতাসকলে গুৰুৰ স্থান দিছিল, যিটো বংশৰ মানুহ লংকাৰ ৰজা আছিল, যিটো বংশৰ মানুহে ভগবান কৃষ্ণৰ নামাকৰণ কৰিছিল, যিটো বংশৰ মানুহে অৰ্জুনক ধনুৰ্বিদ্যা শিকাইছিল, সেই বংশৰ পিছৰ প্ৰজন্মও প্ৰতিভাশালী হোৱাটো স্বাভাৱিক।

No comments:

Post a Comment

Jayanta Boruah FB Wall

 🌏 জুবিন দা হবলৈ নোৱাৰিবা। 🌏 সু*ৰা পান কৰিব পাৰিবা, কিন্তু সু*ৰাসক্ত অৱস্থাত সমাজৰ হকে কব নোৱাৰিবা। কবলৈ গলে লেকাম নাথাকিব। সু*ৰাৰ ৰাগীত হ...