“জুবিন জীৱনৰ পৰা গানলৈ” গ্ৰন্থখনত জুবিন দাৰ সহধৰ্মিনী গৰিমা বৌৱে লিখা “জুবিন হেজ গ’ট এ হাৰ্ট অফ্ গোল্ড” শীৰ্ষক লেখাটোৰ পৰা হুবহু তুলি দিয়া হৈছে।
১৯৯৫ ... মই তেতিয়া মুম্বাইত... একেবাৰে নতুন। ছ'ফিয়া কলেজত স্নাতক প্রথম বৰ্ষৰ ছাত্ৰী হিচাপে নামভৰ্তি কৰিছোঁ। দেউতাই হোষ্টেলত থৈ অহাৰ পিছত বেছি বেয়া লাগিছিল... নতুন ঠাই, নতুন পৰিৱেশ, নতুন মানুহ, তাতে হোষ্টেলৰ ছোৱালীবোৰৰ লগতো বৰ বিশেষ আত্মীয়তা গঢ়ি উঠা নাছিল। আজৰি সময়খিনিত চিনাকি মানুহলৈ চিঠি লিখা আৰম্ভ কৰিলো - বন্ধু-বান্ধবী, আত্মীয়-স্বজন সকলোলৈকে। লগতে আৰু এটা পুৰণি চখ অনুশীলন কৰাৰো ইচ্ছা জাগি উঠিল.. fan letters লিখাৰ। স্কুলত মোৰ আৰু বান্ধবী প্রিয়ম্বদাৰ এইটো এটা ডাঙৰ চখ আছিল। গায়ক, অভিনেতা, অভিনেত্রী, খেলুৱৈ-দেশখনৰ নামী-দামী সকলোৰে ঠিকনা সংগ্ৰহ কৰি মুঠতে আমি fan letter পঠিয়াওঁ আৰু বিনিময়ত তেওঁলোকৰ ফটোসহ অট'গ্রাফ চিঠিবোৰ সংগ্ৰহ কৰোঁ। সেই অভ্যাসটো ঘুৰাই আনি পুনৰ চিঠি লিখিলো প্রায় ৩০-৩৫ জন কলা-কুলশী, শিল্পী-অভিনেতালৈ। তাৰ মাজতে এখন চিঠি আছিল তেতিয়া অসমত সকলোৰে হার্ট-থ্ৰৱ হৈ পৰা যুৱশিল্পী জুবিন গাৰ্গৰ নামত। কিছুদিনৰ পিছত আশা কৰামতেই উত্তৰ আহিল আৰু মুম্বাইলৈ তেওঁৰ পৰৱৰ্তী ৰেকর্ডিঙৰ বাবে শীঘ্রেই গৈ আছে বুলিও জনালে। এটা ফোন নম্বৰসহ যোৱাৰ তাৰিখটো জনাইছিল যদিও কিবা এটা ইতঃস্ততবোধত মোৰ যোগাযোগ কৰা নহ'ল। প্ৰায় ডেৰমাহমান পিছত হঠাতে এদিন আবেলি মোক লগ পাবলৈ কোনোবা এজন ভিজিটৰ আহিছে বুলি খবৰ পাই দৌৰি তললৈ নামি আহি যাক দেখিলো প্ৰথমতে মই নিজৰ চকুকেই বিশ্বাস কৰিব পৰা নাছিলো। মই দিয়া চিঠিখনৰ ঠিকনা লিখা চুকটো ফালি অনা টুকুৰাটো হাতত লৈ হোষ্টেলৰ ভিজিটিং ৰুমত থিয় হৈ আছিল 'জুবিন গাৰ্গ'। ফটোত দেখা মানুহটোৰ দৰেই চুলিখিনি, মুখখন কিন্তু ওখ-পাখটো একেবাৰেই নহয়। খীণ-মীণ এটা সৰু ল'ৰাৰ দৰে আছিল তেওঁ। মই আগবাঢ়ি গৈ মোৰ চিনাকি দিলোঁ। কোনোধৰণৰ ফৰমেলিটি অথবা পৰিচয়ৰ অৱতাৰণা নকৰাকৈ তেওঁ প্রথমেই সুধিলে- 'তুমি এইটো হোষ্টেলতে থাকা নেকি? ইয়াত দেখোন ওচৰতে ইমান slum area আছে আৰু বহুত eunuchs ও দেখিলো।' মোৰ বৰ আচৰিত লাগিছিল প্রথমদিনাই তেওঁৰ সৰলতা দেখি, প্রথম চিনাকিতেই ইমান বন্ধুত্বসুলভ ব্যৱহাৰ দেখি। কিন্তু লাহে লাহে বুজি পালোঁ এই মানুহটোৰ মাজত অহংকাৰ-ভেম নামৰ বস্তুবোৰ হয়তো কেতিয়াও জন্ম নহ'ব। আজি এটা যুগৰ পাছতো সফলতাৰে দেশখনৰ সাংস্কৃতিক ক্ষেত্রত এখন সুকীয়া আসন দখল কৰি লোৱাৰ পাছতো মই প্রথম লগ পোৱা 'জুবিন গাৰ্গ'জনৰ সৰলতা আৰু স্পষ্টতা একেই আছে।
সেইদিনাৰ চিনাকিৰ পিছত আমি লাহে লাহে ভাল বন্ধু হৈ পৰিলোঁ। যিকোনো কথা অথবা অভিজ্ঞতা ইজনে-সিজনৰ আগত বিনাদ্বিধাই প্ৰকাশ কৰিব পৰা হ'লোঁ। সেই বন্ধুত্বই এদিন প্ৰেমৰ নাম ল'লে আৰু পিছত দুয়োখন ঘৰৰ সন্মতিত আমাৰ বিয়া ঠিক হ'ল। সকলো ঠিকেই আছিল... খুব স্ফুৰ্তিৰ মাজেৰে ২০০০ চনৰ ১৯ জানুৱাৰীত আমাৰ এংগেজমেন্ট হৈ গ'ল। ঠিক হ'ল মোৰ স্নাতকোত্তৰ পৰীক্ষা হৈ যোৱাৰ পিছতে বিয়াৰ তাৰিখ লোৱা হ'ব। বহু আশা কৰিছিল গ'ল্ডী (জুবিন)ৰ মাকে আমাৰ বিয়াখনক লৈ। একমাত্র পুত্র যে তেওঁৰ হিয়াৰ আমঠু, কিমান যে কল্পনা, কিমান যে সপোন; কিন্তু তেওঁৰ সেই হেঁপাহ, আশা, আনন্দবোৰ নিয়তিৰ সহ্য নহ'ল। কেইবা মাহৰো অসুস্থতাৰ পিছত অৱশেষত মুম্বাইত ২০০০ চনৰ ছেপ্টেম্বৰ মাহৰ ২ তাৰিখে তেওঁ শেষ নিশ্বাস ত্যাগ কৰিলে। নির্মমভাৱে ভাগি পৰিল গ'ল্ডী, মাইনা (জংকী) আৰু মমন (পামী) কিছুদিনৰ বাবে। কিন্তু গ'ল্ডীৰ মানসিক শক্তি অতুলনীয়। তেওঁৰ বাবে তেওঁৰ মাতৃয়েই আছিল সংস্কৃতিৰ আদিগুৰু, প্ৰেৰণা, আদৰ্শ আৰু সাহসৰ উৎস। সেয়ে তেওঁ মন বান্ধি ল'লে যে, তেওঁৰ মাজত মাকক সদায় জীয়াই ৰাখিব। তেওঁৰ সংগীত আৰু সৃষ্টিৰ মাজত 'মা'ৰ উপস্থিতিয়ে তেওঁৰ জীৱনৰ প্ৰতিটো পদক্ষেপত সাহস আৰু প্ৰেৰণা যোগাব। পাৰ কৰি দিয়ে দিনটোৰ বেছিভাগ সময় তেওঁৰ কী-ব'ৰ্ডখনৰ সৈতে। নতুন সৃষ্টি কৰিব লাগে... প্রতিটো সুৰত 'মাক' ঘূৰাই আনিব লাগে। এমাহৰ ভিতৰত সৃষ্টি হৈ ওলাল 'পাখী'। গভীৰ নষ্টালজিয়া আৰু শৈশৱৰ অনুভৱৰ এক আৱেগিক প্রকাশ। ইয়াৰ পিছৰ প্ৰতিটো পদক্ষেপতে ডাঙৰ ভন্টি জংকী হৈ পৰিল জুবিনৰ ছাঁৰ দৰে। প্ৰতিখন সাংস্কৃতিক সন্ধিয়াত জুবিনৰ সৈতে গীত পৰিৱেশন কৰাৰ উপৰি তাই ষ্টুডিঅ'ৰ ৰেকর্ডিং, ঘৰত, যিকোনো শ্বুটিং অথবা সংগীতৰ মজলিছত জুবিনৰ কাষে-কাষে থাকি সৰু-ডাঙৰ প্ৰতিটো কথাৰ খবৰ ৰাখিছিল। জুবিনৰ প্ৰতি মুহূৰ্তৰ আৰু এজন সহচৰ আছিল বন্ধু জয়ন্ত পাত্র। জুবিনে নাখালে নোখোৱাকৈ, নুশুলে নোশোৱাকৈ ৰৈ থাকিছিল কাষত। য'তেই যাওক তেওঁ নিজেই সদায় গাড়ী চলাই লৈ ফুৰিছিল জুবিনক। পৰিয়ালৰ এজন সদস্য হৈ পৰিছিল 'জয়ন্ত'।
২০০১ চনত মোৰ স্নাতকোত্তৰ সম্পূৰ্ণ হোৱাৰ পিছত দুয়োখন ঘৰৰ মাজত আমাৰ বিয়াৰ কথা আলোচনা হ'ল। যদিও জংকীৰো বিয়া ঠিক হৈ আছিল, তাই বিচাৰিলে আগতে ককায়েকৰ বিয়াখন হৈ যোৱাটো।
বিয়াৰ তাৰিখ ঠিক কৰিবলৈ তাই নিজেই গোলাঘাটত আমাৰ ঘৰত থাকি লৈছিলগৈ। দিন লোৱা হ'ল ২০০২ চনৰ ৪ ফেব্ৰুৱাৰী। যিহেতু তেওঁলোকৰ পৰিয়ালৰ আত্মীয়-স্বজন বেছিভাগেই থাকে যোৰহাটত। গতিকে ঠিক হ'ল দৰা যাব যোৰহাটৰ পৰা গোলাঘাটৰ আমাৰ নিজা ঘৰলৈ। বিয়াৰ আয়োজন চলিল ধুম-ধামেৰে। কিন্তু বোধহয় সেই আনন্দও নিয়তিৰ বাবে আছিল অসহনীয়। বিয়াৰ মাত্র কেইদিনমান আগত এটা সাংস্কৃতিক সন্ধিয়াৰ বাবে ঢেঁকীয়াজুলিৰ পৰা 'চতিয়ালৈ যোৱাৰ পথত এটা দুর্ঘটনাত আমি হেৰুৱাব লগা হ'ল আমাৰ অতি মৰমৰ জংকী আৰু জয়ন্তক। এই দুর্ঘটনাৰ পিছত সকলোবোৰ যেন খেলি-মেলি হৈ গ'ল। মানসিকভাবে যেন সকলোৰে স্থিতি হেৰাই গ'ল। কেইদিনমানৰ বাবে গোটেই ৰাজ্যখনতেই বিয়পি থাকিল শোকৰ ছাঁ। একেবাৰে থান-বান হৈ যোৱাৰ দৰে হ'ল জুবিনহঁতৰ পৰিয়ালটো। যদিও জংকীৰ অনুপস্থিতিক আজিও একোৱেই পূৰণ কৰিব নোৱাৰে; তথাপি পৰিয়ালৰ সকলোৱে মিলি সিদ্ধান্ত ল'লে যে, বিয়াখন হৈ গ'লে জুবিন হয়তো মানসিকভাবে কিছু সুস্থিৰ হ'ব পাৰিব; গতিকে ঠিক হোৱা সেই তাৰিখতে বিয়াখন হৈ যাব লাগে। সিদ্ধান্ত মতেই, ২০০২ চনৰ ফেব্ৰুৱাৰী মাহৰ ৪ তাৰিখে সকলোৰে আশিস শিৰত লৈ জুবিন আৰু মই যুগ্ম জীৱনৰ পাতনি মেলিলো। যিটো পৰিস্থিতিৰ মাজত আমাৰ বিয়া হৈছিল, আমি সকলোবে বুজিছিলো কিমান গধুৰ মন একোটা লৈ; তেওঁলোকৰ পৰিয়ালৰ প্ৰতিজনেই বিয়াখনৰ সকলো নিয়ম; সকলোবোৰ আয়োজন সম্পন্ন কৰিছিল। আৰু জুবিন? ইমান দুখৰ মাজতো তেওঁ চেষ্টা কৰিছিল, মোক সকলোবোৰ আনন্দ দিয়াৰ; এজনী ছোৱালীৰ বিয়াখন লৈ যিমান আশা আৰু সপোন থাকে... সকলোবোৰ পূৰণ কৰাৰ। হোমৰ জুইক সাক্ষী কৰি সেইদিনা প্রতিজ্ঞা কৰিছিলো, তেওঁৰ কোমল মুখখনত লাগি থকা দুখৰ ছাঁবোৰ মোৰ অকপট মৰমেৰে আঁতৰাই পেলাম। ভাল-বেয়া সকলো সময়তে তেওঁৰ কাষত থাকি মৰম আৰু ভালপোৱাৰে তেওঁৰ যত্ন ল'ম; তেওঁৰ ঘৰখনৰ সকলো দায়িত্ব খুব আনন্দ আৰু নিষ্ঠাৰে পালন কৰিম।
নতুন ঘৰখনত যেন সকলোৱে মই অহালৈহে ৰৈ আছিল। গুৱাহাটীৰ খানাপাৰাৰ 'ষ্টাফ কলেজ'ৰ কোৱাৰ্টাৰত (জুবিনৰ দেউতাক তেতিয়া Staff College Joint Director হৈ কাৰ্যনিৰ্বাহ কৰি আছিল) সোমোৱাৰ লগে লগে 'পাপু' (জুবিনৰ দেউতাকক আমি সকলোৱে পাপু বুলি মাতো।) আৰু মোৰ ননদ 'মমন'এ মোক এনেদৰে আঁকোৱালি ল'লে যে, সেই এক মুহূর্ততে মই নিজৰ ঘৰখন এৰি এখন নতুন ঘৰত সোমোৱাৰ কথা পাহৰি গ'লোঁ। মই যেন বেছ কিছুদিন বাহিৰত থাকিহে নিজৰ ঘৰখনলৈ ঘূৰি আহিছো। দেউতা, মোৰ এজনী ভণ্টি আৰু মোৰ মনৰ আটাইতকৈ আপোন মানুহজনৰ লগত আৰম্ভ হ'ল মোৰ সংসাৰ। এতিয়া আমাৰ যুগ্ম জীৱনৰ প্ৰায় ৭ বছৰ (২০০৮) সম্পূর্ণ হ'ল। খুব গৌৰৱেৰে আৰু সন্তুষ্টিৰে সৈতে আজি মই ইয়াত লিখিবলৈ পাই সুখ অনুভৱ কৰিছো যে মৰম, ভালপোৱা আৰু বুজা-বুজিৰে সৈতে আমি এহাল অত্যন্ত সুখী দম্পতি।।
No comments:
Post a Comment