জুবিন গাৰ্গ অসমীয়াৰ বাবে কি আছিল?
এজন চঞ্চল যুবক। চাধা খায়, মদ খায়। ভাষাৰ লাগ-বান্ধ নাই; কথাই-কথাই অবাইচ মাত মাতে। বেশভূষাৰ কোনো হিচাব নাই। ৰাতি চানগ্লাছ পিন্ধে; কেতিয়াবা দুখন ভৰিত দুপাত বেলেগ-বেলেগ জোতা পিন্ধে। বাৰ্মূদা পিন্ধি ভূপেন হাজৰিকাৰ দৰে নমস্য শিল্পীক শেষ শ্ৰদ্ধাঞ্জলী জনাবলৈ যায় । সময়ানুবৰ্ত্তিতা নাই; দিনৰ বাৰটাত সময় দি ৰাতি বাৰটাতো আহিব নোঁৱাৰে। নিয়ম-কানুনক একো নামানে।
সাধাৰণতে, কোনো পিতৃ-মাতৃয়ে নিজৰ সন্তান, কোনো ভগ্নীয়ে নিজৰ ভাতৃ এনে হোৱাতো কামনা নকৰিব। কোনো যুৱতীয়ে নিজৰ পিতৃ-মাতৃৰ সন্মুখত এনে যুৱকক প্ৰেমিক হিচাপে চিনাকি কৰাই দিবলৈ টান পাব।
গায়ক, খেয়ালী শিল্পী। পশ্চিমীয়া ঢঙৰ হলৌ পোচাক আৰু কাওবয় হেট পিন্ধি বিহুৰ মঞ্চত উঠে। বিহুৰ মঞ্চত হিন্দী গীত গাই। মদ খাই মঞ্চত ঢলি পৰে; মঞ্চত খুটা বগাই; মঞ্চতে কামিজ খুলি পেলাই।
কোনো আদৰ্শগত স্থিৰতা নাই। বামপন্থী আদৰ্শৰ কথা কয়, কিন্তু সোঁপন্থী ৰাজনৈতিক দলৰ হৈ নিৰ্বাচনী প্ৰচাৰৰ গীত গাই। এদিন কাৰ সমৰ্থনত চৰকাৰৰ বিৰোধিতা কৰে, পাছদিনা চৰকাৰী পৃষ্ঠপোষকতাত অনুষ্ঠিত ফিল্মফেয়াৰ এৱাৰ্ড অনুষ্ঠানত অংশগ্ৰহণ কৰে।
কেমেৰাৰ সন্মুখত বহুৱালি কৰে। সাংবাদিকৰ লগত কাজিয়া কৰে।
আৰু সেই যুৱকজনৰ মৃত্যুৰ বাতৰিত সমগ্ৰ ৰাজ্য স্তব্ধ হৈ পৰে। সকলোৱে প্ৰাৰ্থনা কৰে, তেওঁৰ মৃত্যুৰ বাতৰি মিছা হওক।
সকলো ৰাজপথলৈ ওলাই আহে।
তেওঁৰ গানেৰে মুখৰিত হৈ পৰে ৰাজ্যৰ আকাশ-বতাহ। প্ৰতিখন গাঁও, প্ৰতিখন নগৰ, প্ৰতিটো পথ, প্ৰতিটো গলিত তেওঁৰ ফটো লগোৱা হয়। প্ৰতিটো পদূলিত তেওঁৰ নামত চাকি জ্বলে।
দোকান-পোহাৰ, ৰাজহুৱা যাতায়ত স্বতস্ফূতভাৱে বন্ধ হৈ পৰে।
ক্ৰিকেট বলিয়া দেশখনৰ এখন ৰাজ্যই পাহৰি যায় সেইদিনা এখন ক্ৰিকেট মেচ আছিল।
ৰাইজৰ হাজাৰ বিদ্ৰোহকো ভ্ৰক্ষেপ নকৰা প্ৰবল প্ৰতাপী ৰাজ্যৰ মূখ্যমন্ত্ৰীজনে ক’বলৈ বাধ্য হয়, যুৱকজনৰ শেষ যাত্ৰা ৰাইজৰ ইচ্ছা মতেই হ’ব।
ৰাজ্যৰ প্ৰতিখন বাতৰি কাকতৰ প্ৰতিটো পৃষ্ঠা দুদিন ধৰি কেৱল তেওঁৰ বাতৰিৰে ভৰি পৰে। প্ৰতিটো চেটেলাইট চেনেল, পৰ্টেলত দুদিন জুৰি কেৱল তেওঁ আৰু তেওঁৰ বাতৰি চলে, তেওঁৰ গান বাজে।
তেওঁৰ নশ্বৰ দেহ আদৰিবলৈ তিনি কোটি মানুহে দুটাকৈ বিনিদ্ৰ ৰজনী পাৰ কৰে। বিমান বন্দৰৰ বাহিৰত, ৰেলৱে’ ষ্টেচনত, অভাৰব্ৰিজৰ তলত, ফুটপাথত, চলন্ত বাছ আৰু ট্ৰেইনত, ঘৰৰ চোতালত, বাৰাণ্ডাত, বেলকনিত, শেতেলীত।
তেওঁৰ মৃতদেহ দেখি কৰ্ত্তব্যৰত আৰক্ষী কান্দোনত ভাগি পৰে, টিভি ৰিপৰ্টাৰৰ চকুৰে চকুপানী বয়, ষ্টুডিঅ’ত এংকৰৰ মাত থোকাথোকি হয়।
কিয়?
জুবিন গাৰ্গ আমাৰ বাবে কি আছিল?
জুবিন গাৰ্গ অসমৰ বাবে কি আছিল?
বিংশ শতিকাৰ নব্বৈৰ দশকৰ আৰম্ভনি অসমৰ বাবে এক কঠিন সময় । ছবচৰীয়া অসম আন্দোলনে ৰাজহাড় ভাঙি দিয়া অসমৰ অৰ্থনীতি তেতিয়াও থন ধৰি উঠিব পৰা নাই। আন্দোলনৰ ফলস্বৰূপে জন্ম লাভ কৰা জাতীয়তাবাদী দলৰ চৰকাৰখনৰ প্ৰতি জনতাৰ ইতিমধ্যে মোহভংগ হৈছে। আলফাৰ সসস্ত্ৰ সংগ্ৰাম তেতিয়া তুংগত; অপাৰেশ্যন বজৰংগে অসমক জুৰুলা কৰি তুলিছে।
অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনো তেতিয়া সংকটত। প্ৰায়সকল বিশিষ্ট গায়ক, শিল্পী, লেখকেই তেওঁলোকৰ সৃষ্টিৰ সোণালী বয়স পাৰ কৰিছে। নতুন সৃষ্টি নগন্য। অসমৰ বতাহত বাজিছে হিন্দী চলচিত্ৰৰ গান, চিত্ৰগৃহত অসমীয়া চিনেমাৰ বাবে স্থান নাই। অসম নিয়ন্ত্ৰিত কৰিছে বহিৰাজ্যই লবিয়ে। অসমতে অসমীয়াৰ কোনো দাম নাই।
স্বপ্নভংগৰ বেদনা, ৰাষ্ট্ৰযন্ত্ৰৰ অত্যাচাৰ, সৃষ্টিশীল সংকটত পিষ্ট অসমীয়াৰ জাতীয় অহামিকা।
তেনে সময়তে উন্নৈশ বছৰীয়া যুৱক জুবিন গাৰ্গৰ অসমীয়া জাতীয় জীৱনলৈ আগমণ।
তেওঁৰ আগমণ গানৰ মাধ্যমেৰে। অসমীয়াৰ বাবে লিখি, সুৰেৰে সজাই গ’ল এটাৰ পাছত এটাকৈ গান। প্ৰেমৰ গান আৰু বিৰহৰ গান; সুখৰ গান আৰু বিষাদৰ গান; নৈশব্দৰ গান আৰু কোলাহলৰ গান; জীৱনৰ গান আৰু মৃত্যুৰ গান; শৈশৱৰ গান আৰু যৌবনৰ গান; গৌৰৱৰ গান আৰু গ্লানিৰ গান; স্বপ্নভংগৰ গান আৰু প্ৰতিশ্ৰুতিৰ গান; কষ্টৰ গান আৰু সংগ্ৰামৰ গান; বিপ্লবৰ গান আৰু স্বাধীনতাৰ গান। সম্পুৰ্ণ থলুৱা শব্দৰে; থলুৱা সুৰেৰে।
আমি আকৌ অসমীয়া গান শুনিবলৈ শিকিলোঁ। আমি সকলো অনুভৱ তেওঁৰ গানতে বিছাৰি পালো।তেওঁৰ গানত আমি অসমীয়াৰ আবেগ বিছাৰি পালো।
তেওঁৰ বাবেই আমি বৰগীতৰ কেছেট কিনিলো। লোকগীত, টোকাৰি গীত, বনগীতৰ কেছেটেৰে দোকান ভৰি পৰিল। বজাৰত জ্যোতি সংগীত, ৰাভা সংগীত, পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীত, ভুপেন্দ্ৰ সংগীত আকৌ বাজিব ধৰিলে।
তেওঁ যেন আমাক অসমীয়াৰ পৰিচয় ঘুৰাই আনি দিলে।
অসমৰ সংগীত জগতৰ তেওঁ প্ৰাণকেন্দ্ৰ হৈ পৰিল। তেওঁৰ অবিহনে ব্যৱস্থাটো চলাব নোঁৱাৰা অৱস্থা এটা হ’ল। তেওঁৰ নাম আৰু ফটোৰ অবিহনে বজাৰত কেছেট নচলা হ’ল। বহি:ৰাজ্যৰ শক্তিৰ নিয়ন্ত্ৰণত থকা এই ব্যৱস্থাটোত তেওঁ অসমীয়াৰ পথ প্ৰশস্ত কৰি দিলে।
ইয়াৰ পাছত তেঁও আৰু গায়ক হৈ নাথাকিল। তেওঁৰ অসমীয়াৰ স্বাভিমান হৈ পৰিল।
তেওঁক লৈ আমি সপোন দেখিবলৈ আৰম্ভ কৰিলো। যি সপোন আমি সুধাকণ্ঠ ভূপেন হাজাৰিকাক লৈ দেখিছিলো, কিন্তু আধৰুৱা হৈ ৰ’ল।
জুবিন গাৰ্গে আমাৰ সপোন পূৰণ কৰিলে, কিছুলাংশে। ফিল্মফেয়াৰত শ্ৰেষ্ঠ পাৰ্শ্ব-গায়কৰ বটাৰ বাবে মনোনয়ন পালে। আইফাত শ্ৰেষ্ঠ পাৰ্শ্ব-গায়কৰ বটা লাভ কৰিলে। অসমৰ বাহিৰৰ বন্ধু-বান্ধবীক ক’ব পৰা হ’লো-এইজন জুবিন গাৰ্গ; অসমীয়া ল’ৰা। এইবাৰ আইফা এৱাৰ্ড পাইছে।
এইয়াই আমাৰ বাবে অসমীয়া স্বাভিমান।
জুবিন গাৰ্গৰ বাবে দুৱাৰ খোল খাই গৈছিল। তেঁও থাকি যাব পাৰিলেহেঁতেন মুম্বাইত। আৰু বহুতো গান গাব পাৰিলেহেঁতেন। হয়তো আৰু বটা পালেহেঁতেন। হয়তো আৰু বেছি মানুহে চিনি পালেহেঁতেন। হয়টো বহুত বেছি টকাও ঘটিব পাৰিলিহেঁতেন।
কিন্তু তেওঁ ঘূৰি আহিল। অসমীয়া মানুহৰ মাজত থাকিবলৈ। অসমত কাম কৰিবলৈ। আমাৰ জাত্যাভিমান পুণৰ জগাই তুলিবলৈ।
নিজৰ জীৱনৰ সমস্ত জমাপুঞ্জী লগালে অসমীয়া চলচিত্ৰৰ পুনৰোদ্ধাৰৰ বাবে। মিছন চাইনা। কিন্তু আমাৰ বাবে যেন সেয়া মিছন অসমীয়া। তেওঁৰ আহ্বানক আমি সঁহাৰি দিলো। দৌৰি-দৌৰি গৈ মিছন চাইনা চালো। ছবিঘৰত ধুমুহা বলিল। যি হিন্দী বলয়ে অসমীয়া চলচিত্ৰক অসমতে কাষৰীয়া কৰিছিল, সেই হিন্দী চলচিত্ৰসমূহ মিছন চাইনাৰ ধুমুহাত উৰি গ’ল।
মিছন চাইনা অসমীয়া চিনেমাৰ ব্যৱসায়ৰ ক্ষেত্ৰত এক মাইলৰ খুঁটি। জুবিন গাৰ্গে দেখুৱালে দুই কোটি টকা খৰচ কৰি অসমীয়া চিনেমা বনাব পাৰি। হিন্দী চিনেমাৰ লগত ফেৰ মাৰি ছয় কোটি টকা উপাৰ্জন কৰিব পাৰি। হিন্দী চিনেমাক ওফৰাই পথাব পাৰি। সেয়াই জুবিন গাৰ্গৰ অহংকাৰ।
অসমীয়াৰ অহংকাৰ।
জুবিন গাৰ্গে অসমীয়াৰ সেই অহংকাৰ আছিল।
এক কথাত জুবিন গাৰ্গ অসমীয়াৰ আবেগ আছিল, অসমীয়াৰ পৰিচয় আছিল, অসমীয়াৰ স্বাভিমান আছিল, অসমীয়াৰ অহামিকা আছিল, অসমীয়াৰ জাত্যাভিমান আছিল, অসমীয়াৰ অহংকাৰ আছিল।
জুবিন গাৰ্গ আচলতে সকলো অসমীয়াৰে ঘৰৰ ল’ৰা আছিল।
যাৰ উৎপাতৰ বাবে আমি তেওঁক সমালোচনা কৰিছিলো, যাৰ বহুৱালিত অতীষ্ঠ হৈ আমি তেওঁক গালি পাৰিছিলো।
কিন্তু আজি যেতিয়া তেঁও চিৰনিদ্ৰাত শুই পৰিছে, আমি যেন তেওঁক গৈ জোকাৰি উঠাই দিম।
তেওঁক কম-এবাৰ উঠা। লাগিলে উঠি এটা অবাইচ মাতকে মাতা। লাগিলে মঞ্চত উঠি খুটাকে বগোৱা। লাগিলে মদ খাই মাতাল হৈ বাগৰি পৰা। হিন্দী ইংৰাজী যি মন যাই তাকে গোৱা।
কিন্তু এবাৰ উঠা। মাত্ৰ এবাৰ উঠা।💔💔🙏
©®Pranjit Bora
No comments:
Post a Comment