মুম্বাইত জুবিন গাৰ্গৰ জনপ্ৰিয়তা।
******************************
আজি মই মুম্বাইত জুবিন গাৰ্গৰ জনপ্ৰিয়তাৰ বিষয়ে এটা সুন্দৰ কাহিনী লিখিবলৈ লৈছোঁ। সেইয়া আছিল ২০০৮ চন। দুপৰীয়া সময়ত জুবিনৰ ফোন আহিল আৰু সুধিলে, ------ "বন্ধু, সন্ধিয়া ঘৰত আছানে ? যদি আছা সন্ধিয়া সময়ত অসম ভৱনলৈ আহিম "। মই ঘৰতে থাকিম বুলি কোৱাত সন্ধিয়া পত্নী গৰিমাক লৈ অসম ভৱনত আহি ওলাল। সেইসময়ত দুৰ্গা পূজা চলি আছিল আৰু মুম্বাই অসম ভৱনত প্ৰবাসী অসমীয়া ৰাইজে অসমীয়া দুৰ্গাপূজাভাগ পাতিছিল। জুবিন আহি মোৰ ঘৰত আছে বুলি গম পাই পূজা কমিটিৰ লোকসকলে অনুৰোধ জনালে যে জুবিনে দুই এটা গীত গালে ৰাইজে ভাল পাব। মই ৰাইজৰ অনুৰোধৰ কথা জুবিনক কওঁতে একেষাৰেই মান্তি হ'ল আৰু মোৰ গীটাৰখন লয়েই মঞ্চত উঠি গ'ল। সেই সময়ত জুবিনে গোৱা গেংষ্টাৰ নামৰ হিন্দী বোলছবিখনৰ " ইয়া আলি " গীতটি বৰ জনপ্ৰিয় হৈছিল। জুবিনে এই গীতটি গাবলৈ আৰম্ভ কৰাৰ লগে লগে অসম ভৱনৰ সম্মুখত নিউ বম্বে বেংগলী এছ'চিয়েচনে পতা ডাঙৰ দুৰ্গাপূজাভাগৰ পৰা হাজাৰ হাজাৰ লোক অসম ভৱনৰ ফালে ঢাপলি মেলিলে। হঠাৎ এইদৰে অহা জনস্ৰোত দেখা পাই দেৱাশীষ শৰ্মা আৰু মই আলোচনা কৰি অসম ভৱনৰ আটাইকেইখন গে'ট বন্ধ কৰি দিলোঁ। কাৰণ অসম ভৱনৰ ভিতৰত দৰ্শকৰ বাবে সীমিত ঠাই আছে আৰু অসম ভৱনৰ সন্মুখত পতা পূজাখন এখন মুকলি ডাঙৰ ফিল্ডত পাতিছিল। ইমানবোৰ দৰ্শক একেলগে আহি অসম ভৱনত সোমাই গ'লে অসম ভৱনত পদপিষ্ট হৈ বহুলোকৰ মৃত্যুমুখত পৰাৰ আকংশা কৰিয়েই আমি সিদিনা গে'টবোৰ বন্ধ কৰি দিছিলোঁ। গে'টকেইখন বন্ধ কৰি দিয়াৰ পিছতো দৰ্শকে অসম ভৱনৰ গে'টত বহু সময়লৈকে ঢকিয়াই থাকিল আৰু অসম আৰু মেঘালয় হাউচৰ মাজত থকা পথটোতেই থিয় হৈ জুবিনৰ গীত শুনি থাকিল। সিদিনা সেই বেংগলী পূজাখনত বলিউডৰ বিখ্যাত গায়ক চনু নিগমৰ দৰে শিল্পীৰ অনুষ্ঠান এৰি থৈ জুবিন গাৰ্গৰ গীত শুনিবলৈ অসম ভৱনলৈ ঢাপলি মেলিছিল। এইয়াই হৈছে বলিউডত জুবিন গাৰ্গৰ জনপ্ৰিয়তা।
উপৰোক্ত কথাখিনি মোৰ " অসম ভৱন মুম্বাই আৰু মই " গ্ৰন্থখনৰ ২০৮ /২০৯ পৃষ্ঠাৰ কীয়দাংশ।
যিটো সময়ত জুবিন গাৰ্গে জনপ্ৰিয়তাৰ শীৰ্ষত আছিল, সেইটো সময়তেই তেওঁ অসম আৰু অসমীয়াক ভাল পোৱাৰ বাবেই এদিন বলিউদ এৰি অসমলৈ গুচি আহিছিল। আজি অসমীয়াৰ হিয়াৰ আমঠুক ন্যায় দিয়াটো প্ৰতিজন অসমীয়াৰ কৰ্তব্য। জুবিন গাৰ্গ আৰু তেওঁৰ পৰিয়ালবৰ্গই ন্যায় পাবই লাগিব।
আই লৱ ইউ জুবিন।
শ্ৰদ্ধাৰে
ত্ৰিনয়ন সন্দিকৈ।
অসম ভৱন, মুম্বাই।
(বি.দ্ৰ:- পঢ়ি ভাল পালে বিন্দাচ শ্বেয়াৰ কৰিব পাৰে। )
Dulumoni Kalita Bichitra Handique Deepa Handique Zubeen Garg Fan Club Bhassker Saikiya Kavita Handique Utpal Sharma Nibedita Sarma Rumi Atonu Gautam Renu Sarmah Dr-Palmee Borthakur Garrima Saikia Garg Shabinkumar Das Sabita Goswami Alakananda Kakati
No comments:
Post a Comment