##খেয়ালী মনৰ মানুহজন...
------------------------------------
ভাস্কৰ জ্যোতি ভূঞা
-------------------------------
মানুহজন খেয়ালী মনৰ ...
হয়, খেয়ালী মনৰ আছিল তেওঁ...
মায়াবিনী ৰাতিৰ বুকুত সপোন ৰচিছিল,
নিয়ৰৰ চেঁচা টোপালে সপোনত ৰস ঢালিছিল...
কেতিয়াবা এন্ধাৰ হ'ব নোৱাৰোঁ বুলি কৈ,
কেতিয়াবা আকৌ এন্ধাৰৰ স'তে সহবাস কৰি
ধুমুহাৰ স'তে নাচিছিল....
মন গ'লেই হ'ল...
ইচ্ছামতে সকলো কৰিছিল...
খিৰিকী মেলি ৰ'দ বিচাৰি হাবাথুৰি খাই
কেতিয়াবা আকৌ ৰ'দৰ চিঠি বিলাই ফুৰিছিল...
আকাশৰ তৰা ভাল নাপাইছিল তেওঁ...
তৰা যে অলেখ....
জোনৰ বৰণ হ'ব বিচাৰিছিল...
আঁউসীৰ জোনে কিন্তু তেওঁৰ মুগ্ধ হিয়াত
চুমিব নোৱাৰিছিল...
ইউকেলিপ্তাছৰ দৰে ওখ গছত বগাব খোজা মানুহজনে নিষ্ঠুৰ সাগৰতলিত কি বিচাৰি গৈছিল...?
মাণিক নে মুকুতা...?
তেওঁ দেখোন নিজেই মাণিক !
কোনেও তেওঁক বাধা দিব নোৱাৰিছিল....
কিন্তু তেওঁক সকলোৱে বুজিছিল....
"আকাশৰ বোৱতী নৈ অথবা লুইততকৈ
সাগৰ যে বৰ নিষ্ঠুৰ ..."
সেই কথা তেওঁ নুবুজিছিল...
সাগৰৰ পৰিধি তেওঁ জানিছিল নে??
বুকু ভৰাই এসাগৰ বেদনা দি,
সাগৰৰ ঢৌৰ স'তে ক'লৈ গুছি গ'ল,
খেয়ালি মনৰ মানুহজন... ?
তেওঁ কৈছিল, "নদীয়েদি সাগৰলৈ গৈ আকৌ নদীয়েদি ঘূৰি আহিম..."
তেওঁ হেনো পাৰে পাৰে বালি ছটিয়াই আহিব...
বালি এদিন তপত হ'ব...
তপত বালিত খোজ কাঢ়িব পৰা জনক তেওঁ ভৰিত চুমা আঁকিব...
কি যে অনুপ্ৰেৰণা..!
তুমি নেথাকিলেও,
তোমাৰ শব্দত তোমাক বিচাৰি পাম
চিৰদিন চিৰকাল....জুবিনদা
Source: Facebook, 21.09.2025
No comments:
Post a Comment