সময়েও নীৰৱ কৰিব নোৱাৰে যি ঐশ্বৰিক কন্ঠক
আমাৰ মৰমৰ জুবিন
এই মুহূৰ্তত শিপালৈকে জোকাৰি যোৱা যি অবিশ্বাস্য বাস্তৱৰ আঘাত আৰু যাক ধাৰণ কৰিবলৈ অক্ষম শোক— তাক প্ৰকাশ কৰিবলৈ মোৰ কলম অসমৰ্থ৷
ছিংগাপুৰলৈ যোৱাৰ দুদিন আগত জুবিন আমাৰ ঘৰলৈ আহিছিল-- মোৰ প'ডকাষ্টৰ অতিথি হৈ৷ তাৰ আটাইতকৈ দীঘল আৰু শেষ সাক্ষাৎকাৰটো সেইটোৱেই আছিল৷ কথাৰ মাজতে সি কৈছিল— ''সাগৰত একো নাই৷'' যোৱাৰ পৰত সি মোক বাৰে বাৰে আকোঁৱালি লৈছিল৷ তাৰ ঠুনুকা যেন লগা গাটো তেতিয়া তিৰতিৰকৈ কঁপি আছিল৷ গাটো তপত আছিল৷ তাৰ শৰীৰ যে ভালে নাই সেই স্পৰ্শতেই মই গম পাইছিলোঁ৷ হাৰিব নজনা ল’ৰাটোৱে হাঁহি মুখেৰে মাত লগাই গুচি গৈছিল৷
আমাৰ মৰমৰ ল’ৰাটোক অসুস্থ অৱস্থাত ছিংগাপুৰলৈ কিয় গান গাবলৈ লৈ গ’ল? সময়ে কেতিয়াবাহে পৃথিৱীক উপহাৰ দিয়া এনে আপুৰুগীয়া এটা জীৱনৰ অৱহেলা আৰু দায়িত্বজ্ঞানহীনতাৰ ফলত হোৱা এই অসময়-প্ৰস্থান অসহনীয়৷
কোনে জানে আকৌ কিমান শতিকা আমি অপেক্ষা কৰিব লাগিব সময়ৰ এনে উপহাৰলৈ!
মোক সি কৈ গৈছিল, ''যদি আকৌ জন্ম হ’ব লাগে, জুবিন গাৰ্গ হিচাপেই জন্ম ল’ব বিচাৰোঁ৷''
অগণিতজনৰ হৃদয়ৰ কেন্দ্ৰত চিৰস্থায়ী স্থান লাভ কৰা সময়াতীত এই সত্তা মৃত্যুহীন৷ অবিনাশী৷
প্ৰণাম৷🙏
Source: Facebook, 21.09.2025)
No comments:
Post a Comment