Thursday, October 2, 2025

ফনিন্দ দেৱ চৌধুৰী FB Wall

 জুবিনৰ ʼবলিয়ালিʼ


জুবিনৰ ʼবলিয়ালিʼ তেতিয়া তুঙ্গত ৷ জখলা বগাই , মঞ্চত বাগৰি গান গাই , অদ্ভূত কথাৰে অস্বস্ত্বিৰ সৃষ্টি কৰি চৌদিশৰ পৰা তীব্ৰভাৱে সমালোচিত ৷ ʼজুবিনৰ ছবি নাচাওঁ , গীত নুশুনো ʼ বুলি এচাম শিক্ষিতই উন্নাসিকতাৰে ঘোষণা কৰাৰ পৰ্যায়ো পাইছিল ৷ দুখো লাগিছিল , কেতিয়াবা খঙো উঠিছিল ৷ তাৰ মাজতো  এই ʼবলিয়ালিʼ বুজিবলৈ চেষ্টা কৰিছিলোঁ ৷  মোৰ ভাব হৈছিল - এই ʼবলিয়ালিʼ এক প্ৰকাৰৰ  সৃজনশীল প্ৰতিভাৰ কীট দংশনৰ যন্ত্ৰণা আৰু সমাজত ʼস্বাভাৱিকতাʼৰ নামত বৰ্তাই ৰখা ভণ্ডামিৰ প্ৰতি এক তীব্ৰ ক্ষোভৰ প্ৰকাশ ৷ এই বলিয়ালি অবিহনে জুবিন জুবিন হৈ নাথাকিব ৷ কিন্তু দুৰ্ভাগ্যবশত: এই ʼসৃজনশীল বলিয়ালি ʼ উপলব্ধি কৰিব নোৱাৰি এচামে যদি তাৰ বাবে জুবিনক সমালোচনাৰে থকা-সৰকা কৰি সংবেদনশীল মানুহজনক অধিক জেদী কৰি তুলিছিল , আন এচামে সেই ʼবলিয়ালিʼক স্থূল আনন্দ হিচাপে মাথোঁ উপভোগ কৰিছিল , আন এচামে পণ্যৰ ৰূপ দিয়াৰ প্ৰয়াস কৰিছিল ৷ তাৰ আঁৰত কৰুণভাৱে ঢাক খাই গৈছিল জুবিনৰ সৃজনশীল  ʼবলিয়ালি ʼ যাৰ সৈতে এজন সৃজনশীল ব্যক্তিৰ সৃষ্টিৰ আনন্দ কʼৰবাত জড়িত হৈ থাকে , বিচ্ছিন্ন কৰিলে বাধাগ্ৰস্ত হয় সৃষ্টি ৷

এই শঙ্কাৰ বাবেই সেই ʼবলিয়ালিʼৰ প্ৰতি কঠোৰ হʼব পৰা নাছিলোঁ আৰু ভাবিছিলোঁ জুবিনৰ দৰেএজন সংবেদনশীল ব্যক্তিক কৰা সমালোচনা এনে হোৱা অনুচিত যিয়ে তেওঁক আঘাত দি অধিক জেদী বা হতাশ কৰি তুলিব ৷ সমালোচনা হʼব লাগিব   তেওঁৰ প্ৰতি শুভবোধেৰে গঠনমূলক : আঘাত দিব পৰা তিৰষ্কাৰ নহয় ৷ এনে কথা ভাবিয়েই এই ʼবলিয়ালিʼ মঞ্চত কম হওক বুলি আশা কৰিও সেই ʼবলিয়ালিʼ ক তেওঁৰ ʼঅলঙ্কাৰʼ বুলি অভিহিত কৰাৰ লগতে তেওঁৰ প্ৰতি মোৰ  চফট কৰ্ণাৰ আছে বুলি ঘোষণা কৰিছিলোঁ ৷ তাৰ বাবে স্বাভাৱিকতে গালি খাবলগীয়াও হৈছিল বহুত ৷ সন্দেহ নাই , বিশ্বায়নৰ সুযোগ লৈ এচামে সৃষ্টি কৰা এক  ক্ষতিকৰ  চেলিব্ৰিটী সাংস্কৃতিক বাতাবৰণলৈ অনিচ্ছাস্বত্বেও ( অনিচ্ছা শব্দটো সচেতনতাৰে ব্যৱহাৰ কৰিছো , কাৰণ জুবিনৰ মানসিকতাৰ সামগ্ৰিকতাত গণমুখী জুবিনকহে বিচাৰি পোৱা যায় ) সঁহাৰি দিবলৈ বাধ্য হৈ পৰিছিল ৷ গণমুখী জুবিনক উপলব্ধি কৰিব নোৱাৰি আমি জুবিনক সেই সংস্কৃতিৰ প্ৰতিনিধি হিচাপে ধৰি লৈহে থকা-সৰকা কৰিলো ৷ কৰিব লাগিছিল গণমুখী জুবিনক শক্তিশালী , দিব লাগিছিল ৰক্ষণাবেক্ষণ আৰু উদঙাই দি সোচ্চাৰ হʼব লাগিছিল সেই চেলিব্ৰিটী সাংস্কৃতিক চিন্দিকেটৰ বিৰুদ্ধে ৷ তাৰ বিপৰীতে দুৰ্বল কৰিলো জুবিনক ৷ আচৰিতভাৱে তেনে বহু সমালোচক সেই চেলিব্ৰিটী চিন্দিকেটৰ প্ৰত্যক্ষ বা পৰোক্ষ পৃষ্ঠপোষক ৷ অথবা হিতাধিকাৰী ৷ নকʼলেও হʼব যে জুবিনৰ বলিয়ালি অনুকৰণ কৰিবলৈ যোৱাটো হʼব নিজৰ কাণ কাটি ভেন গʼগ হোৱা বুলি ভবাৰ বাতুলামি ৷

 জুবিনৰ  ʼবলিয়ালি  বিতৰ্কʼ তুঙ্গত থকা সময়ত তীব্ৰ সমালোচনাই যেতিয়া  অহৰহ জুবিনক ক্ষত-বিক্ষত কৰা দেখিছিলোঁ , তেতিয়া  দহ-বাৰ বছৰ আগতে এনেদৰে লিখিছিলোঁ- 


ʼʼ সৃজনশীল লোকসকলে এফালে কল্পনা আৰু ফেণ্টাচী, আৰু আনফালে বাস্তৱ– এই দুয়োটা দিশত পেণ্ডুলামৰ দৰে অহা-যোৱা কৰি থাকে ৷ তেওঁলোকে এনে এখন জগতত বিচৰণ কৰাৰ বাসনা অনুভৱ কৰে, যিখন বৰ্তমানতকৈ বেলেগ ৷ সেয়েহে বহুতে তেওঁলোকৰ পৰামৰ্শ, চিন্তাধাৰাৰ বৰ্তমানৰ বাস্তৱৰ সৈতে কোনো সম্পৰ্ক নাই বুলি উন্নাসিকতাৰে অৱজ্ঞাৰ দৃষ্টিৰে চাব বিচাৰে৷ সৃজনশীল লোকে দায়িত্বশীল আৰু দায়িত্বহীনতা; শৃংখলা আৰু শিশুসুলভতাৰ মাজত এনে আশ্বৰ্যজনক সাৱলীলতাৰে অহা-যোৱা কৰে যে তেওঁলোকক লৈ সাধাৰণ মানুহ হয় বিভ্ৰান্ত, তেওঁলোকক বুজিব নোৱাৰে ৷ তেওঁলোক হয় বৈপৰীত্যৰ সমাহাৰ, এই মুহূৰ্তত বহিৰ্মুখী আৰু পিছমুহূৰ্ততে অন্তৰ্মুখী৷ তেওঁলোক হয় বিদ্ৰোহী আৰু স্বাধীনচিতীয়া৷ সমালোচনা আৰু কঠোৰ নীতি-নিয়মেৰে তেওঁলোকক আঘাত কৰিব পাৰি; কিন্তু সৈমান কৰাব নোৱাৰি৷ অতি সংবেদনশীলতাৰ বাবে অইনে অনুভৱ কৰিব নোৱাৰা তুচ্ছ কথায়ো তেওঁলোকক লৈ যাব পাৰে নিৰ্মল আনন্দৰ উচ্ছতম শিখৰলৈ৷ সেইদৰে সাধাৰণ আঘাতেও কেতিয়াবা নিক্ষেপ কৰিব পাৰে যন্ত্ৰণাৰ অটল সমুদ্ৰত৷ এই অতি-সংবেদনশীলতাই কেতিয়াবা তেওঁলোকক টানি লৈ যায় মাদক দ্ৰব্য অথবা নকৰিবলগীয়া কামৰ মাজলৈ, কেতিয়াবা তেওঁলোক হৈ পৰে আত্মহনন অথবা ডিপ্ৰেচনৰ চিকাৰ৷ পোছাক-পৰিচ্ছদতো তেওঁলোকৰ এই বৈপৰীত্য দৃষ্টিগোচৰ হয়৷ কোৱা হয় যে তিনিগৰাকী ব্যক্তিৰ পোছাক-পৰিচ্ছদৰ ক্ষেত্ৰত সমাজে এক বিশেষ স্বাধীনতা প্ৰদান কৰে আৰু সেই তিনিগৰাকী ব্যক্তি হ’ল ভিক্ষাৰী, সাধু আৰু সৃজনশীল ব্যক্তি অথবা প্ৰকৃতাৰ্থত শিল্পী৷ মুঠতে ক’ব গ’লে typical চাৰিত্ৰিক প্ৰৱণতাৰ ফালৰ পৰা অধিকাংশ সৃজনশীল ব্যক্তিয়েই হ’ল সামাজিক খেলখনৰ ‘ফাউল’ কৰা ব্যক্তিজন, কাৰোবাৰ এই প্ৰৱণতা দৃশ্যমান হয়, কাৰোবাৰ মনৰ ভিতৰত অদৃশ্য হৈ থাকে, কোনোবাই অনুশীলনেৰে দমন কৰে অথবা ৰূপান্তৰ কৰে ‘ঊধ্বৰ্পাতনেৰে (Sublimation)৷ সংস্কৃতিও প্ৰকৃততে এখন খেলৰ নিচিনা, য’ত আচৰণ নিয়ন্ত্ৰিত কৰে কিছুমান নীতি-নিয়মে৷ সমাজৰ বাবে সংস্কৃতিৰ নীতি-নিয়ম বিশৃংখলতা বা যিয়ে যি মন যায়, তাকে যাতে কৰিব নোৱাৰে, তাৰ বিৰুদ্ধে এক প্ৰতিৰক্ষা কৱচ৷ সংস্কৃতিয়ে কিছু নীতি-নিয়ম নিৰ্ধাৰণ কৰে আৰু দাবী কৰে যে সেই নীতি-নিয়মৰ দ্বাৰা সকলো পৰিচালিত হ’ব৷ কিন্তু তাৰ মাজতো কিছুমানে ‘ফাউল’ কৰে৷ তেওঁৰ শাস্তি কি হ’ব, সেই কথা বহু পৰিমাণে নিৰ্ভৰ কৰিব সেই ‘ফাউল’, খেল অথবা সমাজখনৰ বাবে কিমান ক্ষতিকাৰক৷

জুবিন গাৰ্গও এজন ‘ফাউল’ কৰা শিল্পী; কিন্তু মোৰ দৃষ্টিত সেই ‘ফাউল’ সমাজখনৰ বাবে যিমান ক্ষতিকাৰক; তাতোকৈও অধিক ক্ষতিকাৰক তেওঁৰ শৰীৰ আৰু সৃষ্টিৰ প্ৰভাৱৰ বাবে৷ʼʼ


ʼʼমই অকপটে স্বীকাৰ কৰোঁ যে জুবিনৰ প্ৰতি মোৰ এক ছফ্‌ট কৰ্ণাৰ আছে; সেয়া তেওঁৰ অকল কণ্ঠ বা সৃষ্টিৰ বাবেই নহয়; জুবিনে অদমনীয় জেদেৰে এতিয়াও এনে এক জীৱন-যাপন কৰিছে, যি জীৱন বিচাৰিলেও আমি যাপন কৰিব নোৱাৰোঁ৷ যিকোনো সৃজনশীল ব্যক্তিৰ দৰেই তেওঁ সৰল অথচ অহংকাৰী; কিন্তু মানুহে বেয়া পাব বুলিয়েই তেওঁ সকলো সময়তে সযতনে অহংকাৰৰ মুখাখন খুলি নথয়; দায়িত্বশীলতা আৰু প্ৰতিক্ৰিয়াৰ শংকাই নিজস্ব প্ৰতিভাৰে ৰাজহুৱা স্থান দখল কৰা বহু প্ৰখ্যাত ব্যক্তিক সহজ-সৰল সঁচা কথা কোৱাৰ পৰাও বিৰত ৰাখে; তাৰ বিপৰীতে জুবিন সেই এণ্ডাৰছনৰ অবিস্মৰণীয় সাধু ‘উলংগ সম্ৰাটৰ নতুন পোছাক’ নামৰ সাধুটোৰ শিশুটোৰ দৰে, যিয়ে সকলোকে হতচকিত কৰি সম্ৰাটৰ নগ্নতাৰ কথা প্ৰকাশ কৰে৷  .....  শিল্পী এজনে মঞ্চৰ আৱেগিক প্ৰাণচঞ্চল মুহূৰ্তত অসতৰ্কভাৱে কৰা তৰল মন্তব্য বৰ বিশেষ ধৰ্তব্য বুলি গুৰুত্ব প্ৰদান কৰিবলৈ মই অনিচ্ছুক; ৰাজহুৱা মঞ্চত সংগীত পৰিৱেশনত শিল্পীৰ অদ্ভুত যেন লাগিব খোজা কৌশল সন্দৰ্ভতো মোৰ বিশেষ কোনো শুচি বায়ুগ্ৰস্ততা নাই; সেয়েহে এই সকলোবোৰ বিতৰ্কৰ পাছতো মই জুবিনৰ কেইটামান মনপৰশা গীতত মাজে মাজে নিমজ্জিত হোৱাৰ আকুলতা অনুভৱ কৰিম; আশা কৰিম আমি তেওঁৰ মাজত দেখা সম্ভাৱনাৰ সকলো দুৱাৰ এখন এখনকৈ খুলি তেওঁ ভবিষ্যৎ অভিমুখে আগবাঢ়ি যাব, আশা কৰিম বিহুত গামোচাৰ সৈতে কিতাপ এখন উপহাৰ দিয়াৰ দৰে প্ৰস্তাৱেৰে তেওঁ নতুন প্ৰজন্মক শুভ কামৰ বাবে প্ৰভাৱান্বিত কৰিবলৈ সক্ষম হ’ব, সৰ্বোপৰি তেওঁৰ সৃষ্টিত গুঞ্জৰিত হ’ব অসমৰ মাটি আৰু মানুহৰ গান আৰু সেই নিভাঁজ, মধুৰ গুঞ্জন বিয়পি পৰিব সমগ্ৰ বিশ্বত৷ জুবিনৰ এনে প্ৰয়াসক শক্তিশালী কৰি তোলাৰ বাবেই তেওঁৰ সৃষ্টি আৰু শুভ কামত অধিক গুৰুত্ব প্ৰদান কৰাটো হ’ব শিল্পীৰ প্ৰতি এটা জাতি বা দেশে পালন কৰিবলগীয়া এই মুহূৰ্তৰ প্ৰয়োজনীয় দায়িত্ব আৰু ইয়াৰ বিনিময়ত জুবিনে সৃজনশীল বলিয়ালি মঞ্চৰ পৰা আঁতৰাই লৈ গৈ সেই ‘বলিয়ালি’ৰে সংগীতৰ ক্ষেত্ৰখনত সৃষ্টি কৰক যাউতিযুগীয়া সম্পদ; অইন বহুতে নুবুজিলেও সৃজনশীল লোকসকলে জানে যে সৃষ্টিৰ এক মূল চালিকা শক্তি হ’ল ‘বলিয়ালি’, যি জুবিনৰ ক্ষেত্ৰত পূৰ্ণ ৰূপে বিদ্যমান আৰু সেয়া জুবিনৰ এক অনন্য অলংকাৰ ৷ʼʼ


আজি দেখোন সেই ʼবলিয়ালিʼ বোৰ দুখ হৈ উভতি আহিছে ৷ তেনে বলিয়ালি আচৰণ আনেও কৰিব পাৰিব , কিন্তু তাত জুবিনৰ ʼবলিয়ালিʼৰ ʼ স্বাভাৱিকতা , সৰলতা আৰু সততা কিজানি কেতিয়াও বিচাৰি নাপাম ৷ সেই বাবেও জুবিন ব্যতিক্ৰম ৷ 

মৃত্যুৰ পিছতো জুবিনক কোনো শৃঙ্খলৰ মাজত থাকিব নিবিচৰা ʼফাউলʼ কৰা শিল্পী হৈ থাকিব দিয়াটোহে হʼব তেওঁৰ প্ৰতি প্ৰকৃত সন্মান ৷ তেওঁৰ তীব্ৰ সংবেদনশীলতা ,  সৰু -সঁচা মানুহৰ সৈতে একাত্ম হৈ যোৱাৰ স্বতস্ফুৰ্ত প্ৰবণতা , সহায় কৰিব বিচৰা সদা-উন্মুখ মন , সকলো প্ৰকাৰৰ ভণ্ডামিৰ প্ৰতি তীব্ৰ ক্ষোভ , সৃজনশীল বলিয়ালি , সৰ্বোপৰি সকলোকে সামৰি লোৱা এক মানৱীয় চেতনা - এই সকলোৰে মাজত মৃত জুবিনক উজলি উঠিবলৈ দিয়াৰ কথাহে আমি ভাবিব লাগিব ৷ অস্বস্ত্বিকৰ প্ৰশ্নৰ ৰক্ষাকবচ হিচাপে কৰা অʼৰ তʼৰ দুই এটা বিচ্ছিন্ন উক্তি বা ঘোষণা , চিনেমাৰ চৰিত্ৰৰ নাটকীয় সংলাপ, অমুকৰ সভ্য হৈছিল , তমুক শোভাযাত্ৰাত উপস্থিত আছিল জাতীয় উদাহৰণৰ গয়না লৈ  নিজৰ সুবিধা অনুযায়ী নীতি-নিয়ম-আদৰ্শৰ নিৰ্দিষ্ট ফ্ৰেমৰ মাজত তেওঁক আৱদ্ধ কৰাৰ প্ৰয়াস হʼব বৰ বেচি অশোভণীয় আৰু চুড়ান্ত সুবিধাবাদ ৷ ই এই কথাও সূচাব যে এই সকলো ফ্ৰেমৰ উৰ্ধৰ শিল্পী জুবিনৰ বিশালতাক উপলব্ধি কৰি সন্মান জনোৱাত আমি ব্যৰ্থ হৈছোঁ ৷ জীৱন কালতো ব্যৰ্থ , অন্তত: মৃত্যুৰ পিছত এই ব্যৰ্থতা বৰ বেচি অসহনীয় আৰু দৃষ্টিকটু হʼব ৷ শিল্পীয়ে মানুহক সুন্দৰ আৰু বিশাল কৰে : মৃত শৰীৰৰ ওপৰত জপিয়াই পৰিবলৈ উথপথপ লগোৱা শগুণ নহয় ৷

No comments:

Post a Comment

জুবিনক ভাল পোৱা মানুহ বাক্সাতো আছিল !

■ মৃদুল কুমাৰ সন্দিকৈ বৃত্তিত তেওঁ এগৰাকী শিক্ষয়িত্ৰী। সামাজিক মাধ্যমত তেওঁ এইকেইদিন পূৰ্বতকৈ অধিক সক্ৰিয় হৈছে। কাৰণ তেওঁকো লাগে ন্যায়। পৰীক...