Thursday, October 2, 2025

সন্দীপ সন্দিকৈ FB Wall

 মদাহী জুবিনক কিয় ৰাইজে ভগৱান মানিব লৈছে ?"... "নাস্তিক বুলি নিজকে দাৱী কৰা জুবিনক কিয় ভগৱান মানিব লৈছে ?"... "উদ্ভণ্ডালী কৰা , মুখত মাজে মাজে অভদ্ৰ শব্দ উচ্চাৰণ কৰা জুবিনক কিয় ভগৱান মানিব লৈছে ৰাইজে ?"...

এই কথাবোৰ ভাৱিএই এচাম ধৰ্মান্ধ ব্যক্তিৰ কনফিউজন আৰম্ভ হৈছে আৰু কথাবোৰ সহ্য কৰিব পৰা নাই।  তেনেহলে ঈশ্বৰে আমাৰ ওপৰত কৃপাদৃষ্টি নিক্ষেপ কৰাৰ নিয়মটো কেনেকুৱা অলপ বুজো আহক ... এটা বেলেগ উদাহৰণেৰে ...

ধৰি ল‌ওক অসমৰ মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আপুনাক বা মোক কোনো এখন গাওৰ মানুহবোৰৰ মংগলৰ বাবে কাম কৰিবলৈ দায়িত্ব দি পঠিয়ালে।  এতিয়া যদি আমি  সেইটো আদেশ পালন নকৰি দিনে ৰাতিএ কেৱল হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি ভক্তি দৰ্শাই তেওৰ নাম জপ কৰি থাকো আৰু লগতে তেওৰ বিষয়ে বিভিন্ন তথ্য অধ্যয়ন কৰি নিজকে হিমন্ত বিশ্ব শৰ্মাৰ মহান ভক্ত বুলি দাৱী কৰি থাকো , কিছুদিন পাছত হিমন্ত বিশ্ব শৰ্মা আহি যদি সুধে "ম‌ই কোৱামতে মানুহবোৰৰ বাবে কি কি কৰিলি"... তেতিয়া যদি সেই প্ৰশ্নটোৰ একো উত্তৰ নিদি ক‌ও "আপুনাৰ নাম বহুত জপ কৰিলো" , "আপুনাৰ বিষয়ে তথ্য থকা সকলো গ্ৰন্থ অধ্যয়ন কৰিলো"... এই উত্তৰটো শুনি তেও সন্তষ্ট হবনে ? তেও একে দায়িত্ব দিয়া বেলেগ এজন ব্যক্তিএ হিমন্ত বিশ্ব শৰ্মাৰ নাম‌ও গোৱা নাই , হিমন্ত বিশ্ব শৰ্মাৰ বিষয়ে একো তথ্য‌ও অধ্যয়ন কৰা নাই কিন্তু তেওৰ আদেশমতে গাওখনৰ মানুহবোৰৰ মংগলৰ বাবে কাম কৰিছে । এনে পৰিস্থিতিত তেও কোনজন মানুহক প্ৰমোশ্যন দিব বিচাৰিব ? 

ঈশ্বৰৰ ন্যায় ব্যৱস্থা ইয়াতকৈ কঠোৰ । তেও আমাক পঠিয়াইছে মানৱ প্ৰেম কৰিবলৈ , মানৱ সেৱা কৰিবলৈ । তাকে নকৰি যদি কেৱল ঈশ্বৰৰ নামত ধৰ্মগ্ৰন্থ অধ্যয়ন কৰি থাকো বা তেওৰ নাম জপ কৰি থাকো ঈশ্বৰ সন্তষ্ট হব বুলি কোনোবাই ভাৱেনে ? ইয়াৰ বিপৰীতে কোনোবা এজনে ঈশ্বৰৰ নাম‌ও গোৱা নাই , ঈশ্বৰৰ বিষয়ে একো ধৰ্মগ্ৰন্থ‌ও অধ্যয়ন কৰা নাই কিন্তু ঈশ্বৰৰ আদেশমতে মানৱ মংগলৰ বাবে কাম নিশ্চয় কৰিছে , তেনেহলে তেওক নিশ্চয় কৃপা কৰিব । জুবিন গাৰ্গ‌ও আছিল ঈশ্বৰৰ আদেশ পালন কৰি মানৱধৰ্ম পালন কৰা তেনে এজন ঈশ্বৰৰ দূত । কেইটামান কৰ্মৰ উদাহৰণেৰে বুজাও জুবিন গাৰ্গৰ পৱিত্ৰ আত্মাৰ বিষয়ে ।

যেতিয়া জুবিনৰ হাতত কোনো টকা প‌ইচা নাছিল তথা কেৰিয়াৰ আৰম্ভ হোৱা নাছিল তেতিয়াৰপৰাই তেও এজন মানৱদৰদী ব্যক্তি আছিল । হাতত যি আছিল তাকেই দূৰ্বলী তথা অসহায়সকলৰ বাবে উচৰ্গা কৰিছিল । যোৰহাটৰ এগৰাকী জুবিনৰ চিনাকী ব্যক্তিৰ মতে যোৰহাটত থাকোতে প্ৰায় ১৮ বছৰীয়া জুবিনে এবাৰ এক সংগীত প্ৰতিযোগীতাত ১০০০  টকা পুৰস্কাৰ জিকি ৰাস্তাৰ কাষত থকা দুজনমান পগলা ব্যক্তিক নতুন কাপোৰ কিনি নিজৰ হাত খালী কৰি গধূলি সেই মানুহজনক ১০ টকা ধাৰ বিছাৰিছিল ।

আকৌ তামুলপুৰত পঢ়ি থাকোতে মাত্ৰ এবছৰৰ বাবে লগ পোৱা এজন দুখীয়া স্কুলীয়া বন্ধুৰ মৃত্যুৰ বহু বছৰ পাছত গায়কৰূপে প্ৰসিদ্ধি লাভ কৰাৰ পাছত তামুলপুৰলৈ যাওতে গম পালে যে তেওৰ সেই স্কুলীয়া বন্ধুজনৰ মাকে ঘৰে ঘৰে কাম কৰে । এই কথা গম পাই সেইদিনাৰপৰা জুবিনে তেওলোকৰ দায়িত্ব লয় আৰু বন্ধুজনৰ ভায়েকৰ পঢ়াৰ দায়িত্ব লয় । তেও এনে মানৱদৰদী কাম অজস্ৰ কৰিলে একো পূণ্য অৰ্জনৰ আশা নকৰি । কাৰণ জুবিনে নিজৰ অন্তিম সাক্ষাৎকাৰত ৰীতা চৌধূৰীক নিজেই কৈছিল যে তেও আত্মাৰ অস্তিত্বৰ ওপৰতো বিশ্বাস নকৰে । অৰ্থাৎ তেও কিবা পূণ্য অৰ্জন কৰিম বুলিও সেইবোৰ মানৱদৰদী কাম কৰা নাছিল ... এয়া আছিল সম্পূৰ্ণ নিস্বাৰ্থ পূণ্য কাম । সেইসময়ত কোনো ছচিএল মিডিয়া বা ইলেকট্ৰনিক মিডিয়াৰ প্ৰভাৱ নাছিল বাবে এইবোৰ কৰ্ম প্ৰচাৰ হোৱা নাছিল ।

ইয়াৰ পাছত কেৰিয়াৰত প্ৰতিষ্ঠিত হোৱাৰ পাছত তেওৰ মানৱদৰদী কামবোৰ বৃদ্ধি পালে । গুৱাহাটীৰ NK প্ৰডাকশ্যনত ছাউণ্ড ইঞ্জিনীৰৰূপে কাম কৰা মোৰ স্কুলীয়া বন্ধু দ্বিজু বৰুৱাৰ মুখে জানিব পৰামতে  জুবিন গাৰ্গে আজিৰপৰা প্ৰায় এক দশক পূৰ্বেই দৈনিক বিশ হাজাৰমান টকা লগত ৰাখে কেৱল প্ৰতিদিনে বিভিন্ন অভাৱী মানুহক দান কৰিবলৈ । জাতি-ধৰ্মৰ পাৰ্থক্য নাচাই তেও প্ৰতিদিনে দান কৰা মানুহবোৰৰ বিষয়ে কতো নিজে প্ৰচাৰ কৰিব যোৱা নাছিল অৰ্থাৎ সচা অন্তৰেৰে দান কৰিছিল । আমি মাত্ৰ ফেচবুকযোগে শেহতীয়াকৈ তেওৰ কেইটামান মানৱদৰদী কামৰহে ভিডিঅ' দেখিছো । তেও এইদৰে অস‌ংখ্য মানুহক সহায় কৰি নিজৰ কোনো ভাল ইমেজ বনাবলৈও চেষ্টা কৰা নাছিল অন্যথা ভাল ইমেজ বনাবলৈ মদ খোৱাও বাদ দিলেহেতেন , বাকী উদ্ভণ্ডালীবোৰ‌ও বাদ দিলেহেতেন নিজৰ Positive image বনাবলৈ । সেইদৰে এইবোৰ কৰি তেও প্ৰচাৰ লাভৰ‌ও চেষ্টা কৰাৰ প্ৰয়োজন নাই মানুহৰ মাজত নিজৰ গান বা শ্ব বোৰ জনপ্ৰিয় কৰাৰ , সেইবোৰ জনপ্ৰিয়তা তেও বহু পূৰ্বেই লাভ কৰিছিল । জুবিনৰ অন্তেষ্টিক্ৰিয়াত ধেমাজিৰ এজন যুৱক গৈছিল যাৰ ভৰি দুখন ভগা আছিল আৰু চিকিৎসাৰ খৰচ জুবিনে দিছিল । তেওৰ বাবে জুবিন নিশ্চয় ভগৱান । 

ভাৱকচোন তেও সমগ্ৰ জীৱনকালত কিমান মানুহৰপৰা আশীৰ্বাদ লাভ কৰিছিল  । মানুহৰ ওপৰিও জীৱ জন্তৰ প্ৰতিও তেওৰ মৰম আছিল বাবেই মৃত্যুৰ পাছত তেওৰ ফটোৰ আগত ইমানবোৰ জীৱ-জন্ত‌এ প্ৰণাম জনোৱাৰ ভিডিঅ' দেখা গৈছে । পগলা মানুহবোৰেও তেওৰ প্ৰতি শ্ৰদ্ধা জনাইছে কাৰণ তেও পগলাবোৰৰ প্ৰতিও দয়ালু আছিল ।

যিজন মানুহে আত্মা বিশ্বাস নকৰে মহৎ কৰ্মৰে মানুহৰপৰা আশীৰ্বাদ পাম বুলি , যিজন মানুহে ঈশ্বৰ বিশ্বাস নকৰে মৃত্যুৰ পাছত স্বৰ্গ পাম বুলি , যিজন মানুহক প্ৰভূ ঈশ্বৰ বুলি সম্বোধন কৰিলে সত্ৰাধিকাৰক ককৰ্থনা কৰে যে মানুহ ঈশ্বৰ হব নোৱাৰে সেয়ে মোৰ অধিকাৰ নাই ঈশ্বৰৰূপে সন্মান  লোৱাৰ... অৰ্থাৎ সেইজন মানুহৰ মানৱদৰদী কৰ্মবোৰ আছিল সম্পূৰ্ণ নিস্বাৰ্থ ।

ভগৱান কি হয় সৰ্বসাধাৰণ মানুহৰ বাবে ? ভগৱান এনে এক সত্বা যি তেওলোকৰ প্ৰতি দয়ালু হয় । তেওলোকৰ দুখ দূৰ কৰিবলৈ প্ৰয়াস কৰে ।  পগলা মানুহকো যি বুকুত আকোৱালি লব পাৰে সেইজনেই জুবিন । টকা থাকিও ৰাস্তাৰ ফুটপাথত খাদ্য খাই ৫০ টকা বিল হলেও ৫০০ টকা দি অহাজনেই আছিল জুবিন ।নিজৰ কোনো ষ্টাৰ ইমেজ নেদেখুৱাই সৰ্বসাধাৰণৰ সৈতে সুখ দুখৰ কথা পতাজনেই আছিল জুবিন । পগলা , ফুটপাথৰ দোকানী ,  ৰিক্সাৱলা , ঠেলাৱালাবোৰৰ হৈতে তেওলোকৰ সুখ-দুখৰ কথা পাতি তেওলোকৰ অভাৱ বুজি সহায় কৰিবলৈ প্ৰয়াস  কৰাজনেই আছিল জুবিন । ঈশ্বৰে তেওকেই কৃপা কৰে যি জীৱাত্মাবোৰৰ অন্তৰৰ দুখ দূৰ কৰিব পাৰে । 

সমগ্ৰ জীৱন অসংখ্য জীৱাত্মাৰ অন্তৰৰ দুখ দুৰ কৰা জুবিন ঈশ্বৰ নহব পাৰে কিন্তু তেও আছিল ঈশ্বৰৰ আদেশ পালন কৰা প্ৰকৃত দূত । তেনে ব্যক্তিৰ প্ৰতি ঈশ্বৰে কৃপা নকৰিব কিয় !

No comments:

Post a Comment

Jayanta Boruah FB Wall

 🌏 জুবিন দা হবলৈ নোৱাৰিবা। 🌏 সু*ৰা পান কৰিব পাৰিবা, কিন্তু সু*ৰাসক্ত অৱস্থাত সমাজৰ হকে কব নোৱাৰিবা। কবলৈ গলে লেকাম নাথাকিব। সু*ৰাৰ ৰাগীত হ...