#জুবিনৰ_মালিতা
মণিৰামৰ মৃত্যুই অসমীয়া মানুহৰ অন্তৰত অভূতপূৰ্ব আঘাত দিছিল। সেইবাবেই সেইসময়ত ৰচিত হৈছিল অগণন মণিৰাম দেৱানৰ মালিতা। মণিৰামৰ দৰেই এতিয়া জুবিনৰ মৃত্যুৱে অসমীয়া মানুহক অভূতপূৰ্ব আঘাত দিছে। সেই দুখেৰেই ৰচিত হওক জুবিনৰ মালিতা । ৰাইজে শিল্পী সকলে গাওক নতুন জুবিনৰ মালিতা। আকাশ বতাহ ৰজনজনাই যাওক। মই ভাবো ইয়াতকৈ আৰু একো ডাঙৰ কাম হ'ব নোৱাৰে।
চালত মলঙিলে চালেদৈ কোমোৰা
টেকেলিত মলঙিলে লোণ
মাটিত মলঙিলে মণিৰাম দেৱান ঐ
নেকান্দি থাকিব কোন ?
বালিত জলিকিলে বালিৰ বালিচন্দা
তাতোকৈ জিলিকে সোণ
তাতোকৈ জিলিকে মণিৰাম দেৱান ঐ
নেকান্দি থাকিব কোন?"
ৰৈ ৰৈ কান্দিলে চুঙাৰ বাদুলীৰ
ৰৈ ৰৈ কান্দিলে জিলী
ৰৈ ৰৈ কান্দিলে লগৰ সমনীয়াই
মণিৰামক মাৰিলে বুলি
ভটিয়াই গ'ল গৈ উজনিৰ মণিৰাম
বাটতে খাই গ'ল জৰা
মণিৰামৰ বাতৰি নেপাও ভালে কৰি
যতৰত নুঘুৰে শলা
মণিৰাম দেৱানৰ মৃত্যুৰ সময়ত অসমীয়া মানুহে অগণন লোকগীত (মালিতা)ৰ সৃষ্টি কৰিছিল।
অসমীয়া লোক গীত (মালিতা) সম্ভাৰত আজিও জিলিকি আছে মণিৰাম দেৱানৰ গীত।
কথাটো চাগে ভুল নহ'ব আজিৰ তাৰিখত জুবিন গাৰ্গ ক অসমৰ মণিৰাম দেৱান বুলি কলে।
অসমীয়া লোক শিল্পীয়ে সৃষ্টি কৰক জুবিনৰ মালিতা।
এই গীতে ৰজনজনাই যাওক অসমৰ আকাশ বতাহ।
No comments:
Post a Comment