Friday, October 3, 2025

হেমচন্দ্ৰ পাঠক

 গুৱাহাটী ক্লাবৰ ডা: ভূবনেশ্বৰ বৰুৱা পথৰ অভাৰব্ৰিজেৰে দুয়ো গৈ আছোঁ | তাৰ প্ৰচণ্ড খং আৰু ক্ষোভ মিশ্ৰিত ভাষাৰে মোক কৈছে:-

"মই দেখুৱাই দিম, উইদিন টু থাউজেন জুবিন গাৰ্গ উইল বি এ ছাবটেঞ্চ |"

তেতিয়া তেওঁ এজন গায়কৰ সৈতে কী-ব'ৰ্ড বজাইছিল | জুবিনক যোৰহাটৰ পৰা মাতি পঠিয়াইছিল কিন্তু শিল্পীগৰাকীয়ে অন্য এগৰাকীক গোৱালপাৰাৰ অনুষ্ঠানলৈ লৈ গৈছিল বজাবলৈ | সেয়ে জুবিনৰ খঙ উঠিছিল | সেয়া ১৯৯১ চনমানৰ কথা | আমি তেতিয়া বি বৰুৱা কলেজৰ ছাত্ৰাৱাসত থাকোঁ | জুবিনে কেতিয়াবা নৈশ বাছেৰে যোৰহাটৰ পৰা আহি গুৱাহাটীৰ পল্টন বজাৰত নামে আৰু হোষ্টেল পায় | কিন্তু প্ৰচণ্ড আত্মবিশ্বাসী জুবিন 'ছাবটেঞ্চ' হ'বলৈ ২০০০ চনলৈ ৰ'ব লগা নহ'ল | 'অনামিকা' ৰ শ্ৰব্য কেছেটৰ জৰিয়তে ১৯৯৩ চনতে অসমৰ মানুহৰ মাজত চিনাকী হৈ পৰিল |

   কেতিয়াবা মই হোষ্টেলত নাথাকিলেও সি কী-বৰ্ডখন থৈ ক'ৰবালৈ যায় | ৰুমমেটকেইজনে কী-ব'ৰ্ডখন লিৰিকি-বিদিৰি চায় |

  তেতিয়া তাৰ চুলি দীঘল, মোক অ'লৈ-ত'লৈ যাবলৈ লগ ধৰে | তাৰ চুলিখিনিৰ বাবে আমাক সকলোৱে চায় বাবে মই অকণ ইতস্ততবোধ কৰোঁ | তেতিয়া কোনোবাই কি কৰা বুলি সুধিলে তাৰ পোনপোটীয়া উত্তৰ "মিউজিক কৰোঁ" | বহুতে মানে বহু আত্মীয়ই কয়:- "চাচোন বাপেকটো কিমান ডাঙৰ অফিচাৰ, সি যে কি এইখন কৰি ফুৰে |"

জুবিনে পিছে অটল নিজ লক্ষ্যত | ইতিমধ্যে জুবিনে বি বৰুৱা কলেজৰ বিজ্ঞান শাখাত নামভৰ্ত্তি কৰিছে | সি কয়:- "পঢ়া শুনা মোৰ কাম নহয় | মোৰ কাম মিউজিক |"

আমাৰ হোষ্টেললৈ সঘন অহা-যোৱা আৰু সংগীতৰ সৈতে জড়িত বুলি গম পাই | ১৯৯২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ যুৱ মহোতসৱত পশ্চিমীয়া সংগীত পৰিৱেশনৰ বাবে তেতিয়াৰ অধ্যাপক জগদীশ গোস্বামী, সাধাৰণ সম্পাদক জয়ন্ত মল্ল বৰুৱা আদিয়ে একপ্ৰকাৰ জোৰ কৰিয়ে জুবিনক লৈ গৈছিল | জুবিনে লাভ কৰিছিল স্বৰ্ণপদক | সেয়া জুবিনৰ বাবে আছিল প্ৰাৰম্ভিক অৱস্থাৰ এক ডাঙৰ স্বীকৃতি | 

বি বৰুৱা কলেজৰ স্বৰ্ণজয়ন্তী, ১৯৯৩ চন | তেতিয়া বিখ্যাত ভায়া মামা কৌতুক গোষ্ঠী আৰু তেওঁলোকৰ সহযোগী প্ৰাক্তন শিক্ষাৰ্থীসকলে আয়োজন কৰা সাংস্কৃতিক সন্ধিয়াত বহু তাৰকা শিল্পীৰ সৈতে জুবিনেও অনুষ্ঠান পৰিৱেশন কৰে | মই জনাত সেই অনুষ্ঠানটো গুৱাহাটীত প্ৰথম ৰাজহুৱা সংগীতানুষ্ঠান | জুবিনে যোৰহাটৰ পৰা আহি অনুষ্ঠান কৰিছিল, মাননি আছিল ৮ হাজাৰ টকা | তাৰপিছত জুবিনে কেতিয়াও পিছলৈ চোৱা নাই | এটাৰ পিছত এটা শ্ৰব্য কেছেট মানুহে আদৰি ল'লে সপোনৰ সুৰ, মায়া, আশা, জুবিনৰ গান, ৰং, শিশু....| 

  কিন্তু পাৰভগা জনপ্ৰিয়তাৰ মাজত বুৰ গৈ থাকিও কেতিয়াও আমাৰ দৰে স্কুলীয়া বন্ধুবোৰক সময় দিবলৈ পাহৰা নাছিল | এক নিষ্কলুষ উদাৰ, দৃঢ়মনা অন্তৰৰ জুবিন আমাৰ বাবে অসাধাৰণ হৈও সাধাৰণ হৈ থাকিল | স্কুলীয়া দিনৰ কথা ওলালে সি নষ্টালজিক হৈ পৰে | তামুলপুৰত দেউতাকৰ চৰকাৰী আৱাসৰ বকুলজোপাত উঠি বাইন'কুলাৰ লৈ সন্মুখৰ ছোৱালী, হাইস্কুলৰ ছোৱালী চোৱা, সেই স্কুলৰ খেলপথাৰত ক্ৰিকেট খেলা (জুবিনে বৰ ভাল বলিং কৰিছিল), আৱাসৰ পিছফালে থকা আঁহত গছজোপাত জাকে জাকে পৰা হাইঠাৰ কথা, তাতে থাকোঁতে জুবিনৰ দেউতাকে বাঘ পোহাৰ কথা বৰকৈ মনত পৰিছে |

   বিজনীৰ বান্ধৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা দেউতাকৰ চাকৰি সূত্ৰে আহি তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অষ্টম শ্ৰেণীত নামভৰ্ত্তি কৰিছিল জুবিনে | গোল ফ্ৰেমৰ চশমা পিন্ধা, চাইকেল চলাই স্কুললৈ অহা ল'ৰাটো কমদিনৰ ভিতৰতে আমাৰ ঘনিষ্ঠ হৈ পৰিল | সহপাঠী হিচাপে লক্ষ্য কৰিছিলোঁ জুবিনৰ প্ৰখৰ বুদ্ধিমত্তাৰ কথা | সেয়া ১৯৮৬ চনৰ কথা | তেতিয়া হাকিমৰ ল'ৰা জুবিনৰ মুকলিমুৰীয়া মনটোৱে আমাক আকৰ্ষিত কৰিছিল |

   ঘৰলৈ গৈ দেখিছিলোঁ হাৰমণিয়াম, তবলা, গীটাৰৰ পৰা আৰম্ভ কৰি কী-ব'ৰ্ডলৈ সকলো আছে | আছে কিতাপৰ ভৰ্ত্তি আলমাৰি | সি সকলো বজাব জানে | বিজনীত ৰমণী ছাৰৰ ওচৰত হেনো তবলা শিকি বিশাৰদ হৈছে আৰু কিতাপৰ আলমাৰীটো আমাৰ বাবে আছিল বিস্ময়, বহু বিশ্ববিখ্যাত কিতাপেৰে ঠাহ খাই আছিল | সেইবোৰ সি তেতিয়াই পঢ়িছিল | স্কুলত প্ৰয়াত ৰজনী ৰাজবংশী, জুবিন আৰু মই একেৰাহে কেইবাবাৰো কুইজ প্ৰতিযোগীতাত প্ৰথম হৈছিলোঁ | স্কুলত লগৰবোৰে কৰা একাংক নাট এখনত কী-বৰ্ডখনেৰে সংগীতৰ দায়িত্বও লৈছিল |এতিয়াও মনত আছে | মটঙাপাৰা মিলিত জনসংঘই পতা ৰঙালী বিহু সন্মিলনত জংকীয়ে হাৰমণিয়াম বজাই গীত গাওঁতে জুবিনে তবলা বজাইছিল সি গাইছিল, "দূৰৰ নীলিম বতাহ জাকে..." গীতটো, সংগত কৰিছিল কনক বায়ন আৰু দুদুল চৌধুৰীয়ে | তেতিয়াই গীত, সংগীতৰ বহু কথাই জুবিনে কৈছিল, আমাৰ মগজুত সোমোৱা নাছিল | মেট্ৰিক পৰীক্ষাৰ সময়ত সি মোক অংক শিকাইছিল | পৰীক্ষাৰ বিৰতিৰ দিনা আমি ক্ৰিকেট খেলিছিলোঁ | সি ৭৫% নম্বৰ লৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৰ্ত্তীণ হৈছিল | ১৯৮৮ চনতে দেউতাকৰ চাকৰিসূত্ৰে সৰুপথাৰলৈ বদলি হোৱাত তামুলপুৰ এৰি জুবিনহঁতৰ পৰিয়ালটো যোৰহাটত থাকিবলৈ ল'লে | জেবি কলেজত বিজ্ঞান শাখাত নামভৰ্ত্তি কৰি জুবিনে সংগীত সাধনাৰ এখন বহল ক্ষেত্ৰ লাভ কৰে | 

   আমি তামুলপুৰৰ পৰা এৰা-এৰি হওঁতে মই আগবঢ়াই দিয়া অটোগ্ৰাফ বহীখনত সি লিখিছিল:-

"বন্ধু তই মেলিদে তোৰ দুখনি হাত এবাৰ জিৰাও তোৰ বুকুৰ শীতল ছাঁত..." শীৰ্ষক সেই বিখ্যাত গীতৰ কলি | পিছৰ জীৱনত অজস্ৰ অনুৰাগীক অযুত নিযুত অটোগ্ৰাফ দিয়া জুবিন গাৰ্গ নামৰ প্ৰখ্যাত শিল্পীজনাৰ সেয়াই আছিল প্ৰথমটো "অটোগ্ৰাফ" 

(উক্ত লিখনীটো শৈশৱৰ বন্ধু হেমচন্দ্ৰ পাঠকৰ "বন্ধু তই মেলি দে তোৰ দুখৰ দুখনি হাত..." শীৰ্ষক প্ৰৱন্ধটিৰ পৰা সংগৃহীত।

                                                                                                ✍️ দিম্পু ভৰালী

#JusticeForZubeenGarg

No comments:

Post a Comment

জুবিনক ভাল পোৱা মানুহ বাক্সাতো আছিল !

■ মৃদুল কুমাৰ সন্দিকৈ বৃত্তিত তেওঁ এগৰাকী শিক্ষয়িত্ৰী। সামাজিক মাধ্যমত তেওঁ এইকেইদিন পূৰ্বতকৈ অধিক সক্ৰিয় হৈছে। কাৰণ তেওঁকো লাগে ন্যায়। পৰীক...