Friday, October 3, 2025

ড° গোপাল চন্দ্ৰ হজৰিকাৰ ।

 ডাঙৰ সকলে জুবিনক

 উদ্ভণ্ডালি কৰা উশৃংখল বুলি ভবি থাকোতেই গল।

ড° গোপাল চন্দ্ৰ হজৰিকা।

 এটা কথা সত্য যে আমাৰ ডাঙৰ চামৰ সৰহ ভাগে জুবিন গাৰ্গক বিশেষ বুজি নেপালে। সেয়া আমি স্বীকাৰ কৰোঁ বা নকৰোঁ। তেওঁৰ গানবোৰো নুবুজাকৈয়ে মানে ভালকৈ নুশুনাকৈয়ে কিবা অদৰকাৰি চেলবেলাই থকা পাতল বুলিয়েই ভাবি থাকিল, গুৰুত্ব দি এই সকল বয়সিয়াল লোকে নুশুনিলে। এই কথাটো আচলতে এই কাৰণেই হবলৈ পালে যে পৰিবৰ্ত্তন একোটা আমি সহজে গ্ৰহণ কৰিব নোৱাৰোঁ, যদিও জ্যোতি প্ৰসাদে কৈ গৈছিল-পৰিবৰ্ত্তনেহে জগৎ ধুনীয়া কৰে এয়ে মোৰ গায়ত্ৰী মন্ত্ৰ বুলি। পৰিবৰ্ত্তন একোটাক সহজে গ্ৰহণ কৰা সঁচাই টান। সেয়া আমি তাহানি প্ৰাচীন যুগৰ পৰা দেখি আহিছোঁ। শংকৰদেৱে অনা পৰিবৰ্ত্তন প্ৰথমে গ্ৰহণ কৰিবলৈ টান পোৱা হৈছিল। জ্যোতি প্ৰসাদে অসমীয়া সংস্কৃতিলৈ অনা পৰিবৰ্ত্তনবোৰ গ্ৰহণ কৰিবলৈ টান লাগিছিল, গীতবোৰ কিবা অসমীয়া ‘পেনপেননিৰ গীত’ বুলি মুকলিকৈয়ে কৈছিল। ভূপেন হাজৰিকাৰ গীতবোৰেও এটা সময়ত “ডেকালৰা-গাভৰু ছোৱালীবোৰক শেষ কৰিলে” বুলি কবলৈও কুণ্ঠাবোধ কৰা নাছিল। এটা এটাকৈ এটা যুগৰ পৰা অন এটা যুগলৈ যাওঁতে প্ৰথমে গ্ৰহণ কৰাৰ মানসিক স্থিতি নেথাকিলেও পিচলৈ সেইবোৰৰ প্ৰাসঙ্গিকতা বুজি উঠাত সেইবোৰ অসমীয়াৰ প্ৰাণৰো প্ৰাণৰ বুলি গ্ৰহণ কৰি অন্তৰত ঠাই দিব পৰা হল। 

সেইবোৰে মন প্ৰাণ আচন্ন কৰি ৰাখোতেই ‘জুবিন’ বোলা লৰা এটাই “এই সৰু মখাক খালে আৰু” বোলা ধৰণৰ কথা শুনিবলৈ পোৱা গল। বিহুনামবোৰ জুবিনে সাধাৰণ গঞাৰ মুখৰ পৰা কাঢ়ি নি গীত কৰি পেলালে, সাধাৰণ মানুহে গাব নোৱৰা কৰিলে গীতৰ সুৰৰ ব্যাকৰণ লগালে। ইত্যাদি বহুত কথা ওলালে। তাতে মাজে মাজে অনুস্থানত পৰিবেশন কৰি থকাৰ মাজতে বিতৰ্কিত কিছু মন্তব্য ও কামে ক্ৰমে আৰু আতৰাই নিবলৈ ধৰিলে জুবিনক ডাঙৰ চামৰ পৰা। বেপৰোৱা ভাব, চাল-চলন, পিন্ধন-উৰণ, কথা-বতৰা আদিয়ে আৰু অৰিহনা যোগালে। ‘জ্যোতি প্ৰসাদক বেয়া পাওঁ, বিষ্ণু প্ৰসাদ ৰাভাক হে ভাল পাওঁ’, সত্ৰাধিকাৰ গোসাইক ‘কিয় প্ৰভু-ঈশ্বৰ বুলি কব লাগে’, হীমা দাসে ‘হাঁহ-কুকুৰাৰ মাংস খাই জিকিব নোৱাৰে, গৰুৰ মাংস খাব লাগিব তেতিয়াহে জিকিব পাৰিব’, বামুনৰ লগুণক লৈ কৰা মন্তব্য্ ইত্যাদি এশ এবুৰি কথাৰ কাৰণে জুবিন ডাঙৰবোৰৰ পৰা আতৰি গৈ থাকিল। তাতে আকৌ ভুতৰ ওপৰত দানহ পৰাদি অনুস্থান পৰিবেশন কৰি থাকোতেই লাইটপোষ্টত বান্দৰৰ নিচিনাকৈ বগাই যোৱা, ওচৰতে থকা কিবা বস্তু একোটাক গোৰ মাৰি দিয়া, ষ্টেজৰ ওপৰতে কিহবাত উজুতি খাই পৰি যোৱা আদিবোৰ জুবিনে মদ খাই কৰা উদভণ্ডালি বুলি ধৰি লৈ জুবিনক একেবাৰে গুৰুত্বহীন কিবা এটা বুলি ধৰি ললে। ফলত জুবিনক ক্ৰমে ক্ৰমে আৰু বহুত দুৰলৈ আতৰাই পঠালে। সৰু চামৰ কোনোবা কোনোবাই জুবিনৰ কোনোবাটো গানৰ প্ৰশংসা কৰিলেও ‘ক’ৰ আমাৰ ভূপেন দাৰ যোৰ লব পাৰিব’ ধৰণৰ মন্তব্য দি  থৈ দিয়ে। কিন্তু প্ৰকৃততে হয় জানো ডাঙৰ সকলে ভবাৰ নিচিনা জুবিন?

মই জুবিনক কেইবাবাৰো ওচৰৰ পৰা দেখিছোঁ বা লগ পাইছোঁ যদিও প্ৰথমবাৰ একেলগে বহি অলপ কথা পাতিবলৈও সুবিধা পাইছিলোঁ ১৯৯৮ নে ১৯৯৯ চনত। সেইবাৰ ডিব্ৰুগড় মিলন নগৰৰ আমাৰ ওচৰতে শিল্পী দিৱস পাতিছিলোঁহক। সেইদিনাৰ মুকলি সভাৰ সভাপতি আছিলোঁ মই, ড° কৰৱী ডেকা হাজৰিকা বাইদেউ বিশিষ্ট অতিথি আৰু ড° মৃদুল শৰ্মা নিৰ্দ্দিষ্ট বক্তা। মৃদুল শৰ্মাই বক্তৃতা দি থাকোতেই আমাৰ ঘৰৰ ওচৰৰ এগৰাকী যুৱক মঞ্চত মোৰ কাষলৈ আহি খুব মনে মনে কলে যে মাকুম নে ডুমডুমাত জুবিন গাৰ্গ সদৌ অসম ছাত্ৰ সন্থাই কেন্দ্ৰীয়ভাৱে আয়োজন কৰা শিল্পী দিৱসৰ সন্ধিয়াৰ সাংস্কৃতিক  কাৰ্য্যসূচীলৈ আহি তেওঁলোকৰ ঘৰতে জিৰাইছে, ইয়াত শিল্পী দিৱস হৈ থকা দেখি কৰৱী বাইদেউকে আদি কৰি আপোনালোক ও আছে বুলি গম পাই এনেয়ে মাত এষাৰ লগাই ৰাইজক দেখা কৰি যাওঁ বুলি কৈছে, অনুমতি বিচাৰিছে। মই মনে মনে শিহৰিত হলোঁ, জুবিন গাৰ্গ আমাৰ মাজত এনেদৰে হঠাতে ওলোৱা দেখি। মানুহৰ ভিৰ আৰু হুলস্থুল চম্ভালিবলৈ দিগদাৰ হবনে কি ভাবি এটা বুদ্ধি কৰিলোঁ । তেওঁলোকৰ ঘৰৰ পৰা দুয়ো কাষে লৰা-ছোৱালী ৰৈ জুবিনক সম্ভাষণ জনাই থিয় হৈ থাকিবলৈ কলোঁ। বাহিৰে বাহিৰে চিধা মঞ্চলৈ লৈ আনিবলৈ কলোঁ। সময় দিনৰ দুটামান হব। ৰাইজক অতি শান্ত আৰু বিনয়েৰে জুবিন যে আহি ওলাইছে, ৰাইজক দেখা কৰিবলৈ আহিছে, কোনো হুলস্থুল নকৰাকৈ শান্তভাৱে তেওঁক সভাষণ জনাবলৈ কলোঁ আহি পোৱাৰ লগে লগে থিয় হৈ। প্ৰথমে মঞ্চলৈ আহি মোক মাত লগালেহি এজন বাগানীয়া যুৱকে ।  তেওঁ আমাৰ ফুলবাৰীৰ ঘৰৰ ওচৰৰ বাগান খনৰ। নামটো পাহৰিলোঁ কিন্তু জুবিনে “চল গৌৰী” এলবামৰ কাৰণে তেওঁকো লৈ নাম দিলে হেনো ‘চুবিল বাৰ্গ’। “মই জুবিন গাৰ্গ আৰু তই হবি চুবিল বাৰ্গ” বুলি বোলে তাৰ নাম সলাই দিলে। সেই এলবামেও যথেষ্ট নাম কৰিলে। তাৰ পিচতে জুবিনক লৈ আহিল মঞ্চলৈ। আহিয়েই কৰৱী বাইদেউ আৰু মোক নমস্কাৰ কৰি একে শাৰীতে বহিবলৈ দিয়াত আপত্তি কৰি আমাৰ পিচৰ শাৰীতহে লগত অহা দুজনৰ সৈতে বহিল। যথাযোগ্য সন্মান জনোৱাৰ পিচতে জুবিনকে দুষাৰ কবলৈ কলোঁ। সুন্দৰকৈ জ্যোতিপ্ৰসাদৰ বিষয়ে দুটামান বাক্য কওঁতেই কৰৱী বাইদেউৱে ক’লে, “জুবিন তুমি কথা কব নেলাগে, পাখী পাখী গানটোকে গাই দিলেই হব”। “জানো পাৰোনে নোৱাৰোঁ মানে মনত পৰেনে নপৰে” বুলি জুবিনে কোৱাত “তুমি যি কেইটা শাৰীকে পাৰা তাকে গোৱা” বুলি বাইদেৱে কলে। অতি সুন্দৰকৈ হিয়া পৰশি যোৱাকৈ জুবিনে গোটেই গানটোকে এফালৰ পৰা গাই গল। চুবিল বাৰ্গে ঝুমুইৰ এটা গোৱাৰ পিচত তেওঁলোকক বিদায় দিলোঁ। সকলোকে প্ৰণাম জনাই অতি সুন্দৰ ভাৱে জুবিনৰ দলটো গলগৈ। আমাৰ সভাখনেও এটা পুৰ্ণতা পালে হঠাতে অতি আকস্মিক ভাৱে একো ভাবিবলৈ সময় নোলাওঁতেই।

এই যে অগতে ডাঙৰ সকলে জুবিনক কিবা এৰাই চলাৰ কথা কলোঁ সেয়া হবলৈ পালে জুবিনক আমি বিশেষভাৱে নেজানো কাৰণে। কিন্তু অতি সম্প্ৰতি অতি আকস্মিক আৰু অকালতে জুবিন গুছি যোৱাৰ খবৰ পোৱাৰ লগে লগে ডাঙৰ সকলৰ প্ৰ্ত্যেকেই যি সকলে জুবিনক নুবুজি এৰাই চলিছিল হিয়া ধাকুৰি কান্দিছে কোনেও নেদেখাকৈ। প্ৰমাণ- মোলৈ যি সকলে প্ৰথম ফোন কৰি “খবৰটো পাইছে নহয়” বুলি জুবিন ঢুকুৱাৰ খবৰ দিছিলে প্ৰতিজনেই কান্দোনত ভাগি পৰিছে কথাষাৰ কৈয়েই। আমাৰ সেই ডাঙৰ সকল এতিয়া কিবা এক অনুশোচনাত দগ্ধ হৈছে, কান্দিছে লুকাই লুকাই। 

হয় আমি জুবিনক জানিছিলোঁ নো কিমান বা জানিবলৈ যত্ন কৰিছিলোঁ নো কিমান? আমি হয়তো বহুতে নেজানো জুবিনৰ দেউতাক অসম চৰকাৰৰ এক দায়িত্বশীল পদবীত আছিল, ন্যায়েই য’ত আছিল প্ৰধান। জুবিনৰ মাক সঙ্গীত শিল্পী যাৰ পৰাই জুবিনে পাইছিল সঙ্গীতৰ প্ৰাথমিক জ্ঞান আৰু শিক্ষা। সৰুৰে পৰা চাইকেল চলাই ঘুৰি ফুৰি সাঁতুৰি নাদুৰি ডাঙৰ হোৱা জুবিনে পাইছিল মুকলি মুৰীয়াকৈ ফুৰাৰ, চিন্তা কৰাৰ অবাধ সুযোগ সুবিধা এক সুন্দৰ সেউজ প্ৰাকৃতিক পৰিবেশত। সেই সময়ত আনন্দ উপভোগৰ আন সাধন নাই। তেনে আনন্দ লাভ কৰিছিল দেউতাকৰ ঘৰুৱা পুথি ভঁড়ালটোত পঢ়িবলৈ পোৱা অসমীয়া, বঙালী কিতাপবোৰ। এক মুক্ত বুহঙ্গৰ দৰেই অতি স্বাধীনভাৱে লৰালি উপভোগ কৰিছিল, দেউতাকে তাত সহাৰি দিছিল, দেউতাকৰ অতি মৰমৰ সন্তান আছিল জুবিন। মাকে শাসন কৰি দুই এচাত দিয়ে দেউতাকে কিন্তু জুবিনক নিজৰ মতে চলাৰ, নিজৰ মত প্ৰকাশৰ সম্পুৰ্ণ স্বাধীনতা দিছিল। আৰু সঁচাক সঁচা মিছাক মিছা বুলি মুকলিকৈ কব পৰাৰ সাহসো পাইছিল দেউতাকৰ পৰাই। সেয়ে যোৰহাটৰ জে বি কলেজৰ পৰা গৈ গুৱাহাটীৰ বি বৰুৱা কলেজত কেমিষ্ট্ৰিৰ মেজৰ পৰীক্ষা নিদিয়াকৈ পৰীক্ষা হলৰ পৰা ওলাই অহাত অধক্ষ্যই মতাই নি কিয় পৰীক্ষা নিদিয়ে সোধাত নিৰ্ভিক ভাৱে কব পাৰিলে,

 “এইটো ডিগ্ৰী আন কোনোবা এটাই পাওক, মোক নেলাগে”।

 “তই কি কৰি খাবি?” 

“মিউজিক কৰি”

“পাৰিবি?”

“ওঁ, পাৰিম”

তাৰ পিচতে জুবিন হোৱাৰ খোজ আৰম্ভ হৈছিল। সেইখন বি বৰুৱা কলেজতে তাৰ পিচত সোনালী জয়ন্তী উৎসৱলৈ জুবিন “মুখ্য অতিথি” হৈ গৈছিল। অধক্ষ্যই সন্তোষ প্ৰকাশ কৰি জুবিনক লৈ গৌৰৱ কৰিছিল।

 তাৰ পিচত বম্বেত “য়া আলি” গাই ইমান কম সময়তে বিখ্যাত হৈ পৰিও অসমলৈ ঘুৰি আহি বিহুৰ কেছেটবোৰ, টোকাৰী গীত গোৱা দেখি আমিবোৰে হয়তো তেতিয়া কৈছিলোঁ, ‘বম্বেত নাম কৰিব নোৱাৰিব বুলি সন্দেহ কৰি এইবোৰ গাই সহজতে বিখ্যাত হবলৈ আহিছে ঘুৰি’। কিন্তু আমি নুবুজিলোঁ সঙ্গীত লুকাই আছে জনগণৰ লোক গীত-সঙ্গীত বিলাকৰ মাজত। তাতহে আচল শিপাডাল আছে। জুবিনে অন্তৰৰ সেই আহ্বান প্ৰত্যাখান কৰিব নোৱাৰি বিখ্যাত হোৱাৰ সহজ উপায় এৰি এই কঠিন পথ ললেহি। বিমান বৰুৱাহঁতৰ বিহুবোৰ ৰাতি দিন একাকাৰ কৰি শিকি বুজি প্ৰাণঢালি গাইছিল ভিটালি দাসহঁতৰ লগত। ‘জানমনি’ কেছেটৰ “কিনো চাৱনিৰে চালা মোক ঐ . . .    . . . . . . পেটলৈ ভাত নোযোৱা হল” শাৰীলৈকে গাওঁতে মাজত উশাহ সলাবলৈ সুবিধা নাই, তাকো ইমান দীঘলকৈ শেষৰ শাৰী জুবিন বুলিহে টানিব পাৰিলে বুলি বোধকৰোঁ বিমান বৰুৱাই কৈছিল। জুবিনেও ইমান দীঘল আৰু খৰকৈ গাব লগা হোৱাত খং প্ৰকাশ কৰিছিল। বম্বেত ৰেকৰ্ডিং কৰাৰ সময়ত সকলো শিল্পীকে জুবিনে নিজে ৰান্ধি বাহি সুন্দৰকৈ খুৱাইছিল আতাইকেইদিন। এইবোৰ আমি নেজানো। গাৱঁলীয়া বিহু গীত, টোকাৰী গীত আদিৰ কেছেট বহু লাখটকীয়া দামী দামী গাড়ীত বজা শুনিলে জুবিনে আনন্দ পাইছিল।

 আমি নেজানো কোনোবা জ্যেষ্ঠ শিল্পীৰ অৱহেলা, অপমান দেখি তেওঁৰ অনুস্থানত প্ৰতিবাদৰ আন ভাষা নেজানি লাইটপোষ্টত বগোৱাৰ কথা। কিবা খং আৰু ক্ষোভত অনুস্থান চলি থাকোতেই কিবা এটাত গোৰ মাৰি দিয়া আমি নেজানো । আমি নেজানো তাঁৰ এডাল ভৰিত লগাই পৰি যোৱাৰ সেই দৃশ্যও কিছুমান ক্ষোভৰ বহিপ্ৰকাশ বুলি। একেবাৰে শিশুৰ নিচিনা প্ৰতিবাদ । একো কৰিব নোৱাৰি কেতিয়াবা যে নিজকে ভুকুৱাই, কেতিয়াবা বেৰ খনকে ভুকু মাৰে সেই তেনে। আমি নেজানো USTM য়ে সন্মানীয় ডক্টৰেট ডিগ্ৰী দিয়াৰ পিচত কোনোবাই ড° জুবিন বুলি মাতোতে “এই, এইটো ডিগ্ৰী সন্মান জনাবলৈহে নামৰ আগত লিখিবলৈ বা ড° জুবিন বুলি কবলৈ নহয় সাৱধান” বুলি কোৱা সেই কথা। 

 আমি হাঁহিছিলোঁ তেতিয়া যেতিয়া অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিওঁতে জুবিনে যে কৈছিল, “আৰে অসমীয় ভাষা অগৰে পৰাই ধ্ৰুপদী, কেন্দ্ৰীয় চৰকাৰ বা ভাৰতবৰ্ষই কিহৰ স্বিকৃতী দিব লাগে?” আমি জুবিনে অসমীয়া ভাষা সাহিত্যৰ কিটো জানে বুলি হাঁহিছিলো। কিন্তু সাহিত্য সভাৰ এগৰাকী সভাপতি ইমৰাণ শ্বাহেহে জুবিনক সমৰ্থন কৰিছিল। 

হয় সেইকথা । 1919 খ্রীঃত অসম ছাত্ৰ সম্মিলনীৰ তেজপুৰত অনুস্থিত বার্ষিক সভাত আচার্য প্রফুল্ল চন্দ্ৰ ৰায়ৰ “অসমীয়া গদ্য সাহিত্যৰ প্ৰাচীনত্ব” শীৰ্ষক বক্তৃতাই সেই কথা প্ৰমাণ কৰে। সেইখন পুস্তিকা আকাৰেও প্ৰকাশ হৈছিল-ASOMIYA GADYA SAHITYAR PRACHINATTWA, Acharya Prafulla Chandra Ray, PUBLICATION: ASSAM PUBLISHING COMPANY, ISBN: 978-93-92305-36-8, প্রথম অসমীয়া সংস্কৰণ: জুন, 2022 ।

যেতিয়া যিটো উচিত বুলি ভাৱে জুবিনে তাতেই মাতিছে। কা আন্দোলনেই হওক আন কথাতেই নহওক কিয়? ‘আমি ভাৰতক ভয় কৰি থাকিবলৈ কি আছে, কি দিছে আমাক? আমিহে দিছোঁ- চাহ দিছোঁ, তেল দিছোঁ, জুবিন দিছোঁ”। 

“মই মদ খাওঁ, কিন্তু মদ খোৱাতো বেয়া তহঁতে নেখাবি” বুলি জুবিনে কোৱা আমি নেজানো। চাধা খায়, খোৱা যে বেয়া সেই কথা বাৰে বাৰে কয়। শিল্পীসকল শিশুৰ দৰে। সেই কথা আমি পাহৰি যাওঁ। মৰম আকলুৱা, অভিমানি। সকলোকে ভাল পায়। শিশুসকলে মিছা নকয় ভগৱান আছে বুলি কওঁ আমি। জুবিনো ঠিক তেনেকুৱা। নহলেনো কব পাৰেনে-“সেই গৰুটোৱে কি জানে? ইংৰাজী কব পাৰে সি? হিন্দী কব পাৰে সি?” সেয়াই আছিল জুবিন।

আমি ডাঙৰ সকলে এতিয়া জনিছোঁ জুবিনে দুখীয়াক সহায় কৰিছিল, আহত পশু-পক্ষীক চিকিৎসা কৰাই পোহনীয়া কৰি ৰাখিছিল, সৰু সৰু দোকানত খাইছিল, সেই সকল দোকানীৰ খবৰ ৰাখিছিল, সদায় এষাৰ মাত দিছিল, “ঐ চিন্তা নকৰিবি মই অছোঁ”। “দাদা মোৰ দোকানখন ভাঙি দিম বুলি কৈছে মানুহবোৰে”। “ধুত কিয় ভাঙিব? মোৰ কথা কৈ দিবি”। এয়াই আছিল জুবিন। কিন্তু জুবিনৰ নাছিল মনৰ পচন্দৰ ঘৰটো লবলৈ টকা, আনকি মনৰ পচন্দৰ ডাইনিং টেবুলখন লবলৈ ও গান গাই ইমান টকা ঘটা জুবিনৰ।

আমি নেজানো সাধাৰণতে ভূপেন হাজৰিকাৰ গান জুবিনে কিয় নেগায়। এবাৰ অনুৰোধ কৰোঁতে কৈছিল-“মই ভূপেন মামাৰ গান নেগাওঁ, শব্দবোৰ শুদ্ধকৈ উচ্চৰণ কৰিব নোৱাৰিব পাৰোঁ। সেয়া বৰ অসন্মানৰ কথা। ভূপেন মামাৰ গানবোৰত বৰ জটিল শব্দ থাকে”।

আমি আৰু নেজানো, ভূপেন হাজৰিকাৰ এক দুৰ্যোগৰ সময়ত টকাৰ ভীষণ অভাৱৰ কথা শুনি জুবিনে তিনি লাখ নে পাঁচ লাখ টকা দিয়াৰ কথা। সেই কথা কোনেও নেজানে, কাকো কবলৈ মনা কৰা আছিল। কিন্তু সেই শপত স্বত্বেও জুবিন জিয়াই থাকোতেই মুম্বাইত থকা কোনোবা এজনে সেই সত্য জানি সকলো কথা প্ৰকাশ কৰিলে সামজিক মাধ্যমত। মোৰ এগৰাকী বন্ধুৱে এই কথাখিনি জনাইছিল। সেয়াই আছিল জুবিন। আৰু কি জানে? ভূপেন হাজৰিকা-৮ চেপ্টেম্বৰ- ৫ নবেম্বৰ : জুবিন গাৰ্গ-১৮ নবেম্বৰ-১৯ চেপ্টেম্বৰ। 

সেইবুলি আমাৰ ডাঙৰ সকলে জুবিনৰ প্ৰতিভা যে বুজা নাছিল তেনে নহয়। বুজি বহুতে অন্তৰতে ‘হায় হায়’ কৰি থকাৰ বাহিৰে একো কৰিব নোৱাৰিলে, একো পথৰ উৱাদিহ নেপাই। জুবিনৰ প্ৰতিভা বুজি কামত লগাইছিল ড° ভবেন্দ্ৰ নাথ শইকীয়াই। তেখেতৰ “দীনবন্ধু” বোলছবিত জুবিনৰ কি সাংঘাটিক অভিনয়, সঙ্গীতেতো জগত জিনিলে। তেতিয়া ভাবিছিলোঁ ড° ভবেন্দ্ৰ নাথ শইকীয়াই জুবিনক আচল মানুহটো কৰি সমাজক দিব। আৰু এজন মানুহে জুবিনক দাবি-ধমকি দি বুজাব পাৰিছিল, ‘এইবোৰ কি কৰিছা’ বুলি, সেইজন প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। জুবিনৰ কিবা বেয়া দেখিলেই লগে লগে মাতি নি বুজাইছিল, দাবি দিছিল। সেই জুবিনেই তৰুণ গগৈৰ মৃত্যুৰ আগত গৌৰৱ গগৈক ‘মিউজিক থেৰাপি’ দিয়াৰ পৰামৰ্শ দি কাৰ্য্যকৰী কৰাইছিল।  কিন্তু আমাৰেই দুৰ্ভাগ্য, অসমৰেই দুৰ্ভাগ্য এই দুয়ো গৰাকীয়েই সোনকালে আমৰ মাজৰ পৰা গুছি যাব লগা হোৱাত অসমেই নহয় বিশ্ববাসীয়েই এক বিৰল প্ৰতিভা দেখাৰ পৰা বঞ্চিত হল আৰু এই প্ৰতিভাধৰক অকালতে আকস্মিক ভাবে বৰ নিদাৰুণ ভাৱে হেৰুৱাব লগা হল। অতি সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হোৱা ৰীতা চৌধুৰী আৰু জুবিনৰ কথা-বতৰাৰ ভিডিঅ’টো চালেই জুবিনৰ অন্তৰত থকা অব্যক্ত দুখবোৰ বুজি পাই হিয়া ধাকুৰি কান্দিব লগা অৱস্থা হৈছে!! 

এনে লাগে যেন আমাৰ এই নিৰ্লিপ্ততাৰ কাৰণে জুবিনৰ আত্মাৰ ওচৰত ক্ষমা বিচাৰোঁ। কিন্তু এতিয়া লাভ কি? আমি চিনিও নিচিনা এই ব্যতিক্ৰমি প্ৰতিভাধৰ জুবিনৰ স্বৰ্গগত আত্মাৰ চিৰশান্তি প্ৰাৰ্থনা কৰিলোঁ। নমস্কাৰ ।


#copy

#JusticeForZubeen

No comments:

Post a Comment

জুবিনক ভাল পোৱা মানুহ বাক্সাতো আছিল !

■ মৃদুল কুমাৰ সন্দিকৈ বৃত্তিত তেওঁ এগৰাকী শিক্ষয়িত্ৰী। সামাজিক মাধ্যমত তেওঁ এইকেইদিন পূৰ্বতকৈ অধিক সক্ৰিয় হৈছে। কাৰণ তেওঁকো লাগে ন্যায়। পৰীক...