Wednesday, October 1, 2025

প্ৰনৱ কুমাৰ বৰ্মন FB Wall

 আদৰ্শৰ দিশতো অকলশৰীয়া আছিল জুবিন গাৰ্গ। 

অনুৰাগী সমাজে জুবিনৰ কন্ঠ আৰু খেয়ালি স্বভাৱটোক " পণ্য" ধাৰণা বুলি  তেওঁৰ সোৱে বাৱে ভীৰ কৰিছিল।তাত "জুবিনবাদ"টো আছিল মনোৰঞ্জন  মাত্ৰ।যেনে জুবিন দা আছিল ঈশ্বৰহীন পৃথিৱীৰ সপোন দেখা মানুহ- কিন্ত্ত তেওঁ তাত অনুৰাগী সমাজৰ সহযোগ পোৱা নাছিল।তেওঁ বলিপ্ৰথাৰ বিৰোধী আছিল- কিন্ত্ত প্ৰবল হিন্দুত্ববাদী বতাহৰ সমুখত সেই কথা মনা লাখ লাখ অনুৰাগীৰ এক শতাংশৱো নাছিল তেওঁৰ লগত।জুবিনদা চে গুৱেভাৰাৰ  অনুৰাগী- চে গুৱেভাৰাই কৈছিল- অনুৰাগী শিক্ষিত নহ'লে পৰিবৰ্তন, বিপ্লৱ সম্ভৱ নহয়।তেনে শিক্ষিত অনুৰাগী জুবিনদাৰ নাছিল -আদৰ্শৰ ক্ষেত্ৰত। জুবিনদাই চিঞৰি চিঞৰি কৈছিল- মই কমিউনিষ্ট। কমিউনিজম মানে চিপিআই এম,চিপিআই চিপিআই এম এল দল নহয়- ই এক জীৱন দৰ্শন- জুবিন সেই দৰ্শনৰ সচাঁকৈয়ে অনুগামী আছিল - তেওঁৰ কমিউনিজমৰ আদৰ্শৰ অনুৰাগী কোনো নাছিল ।চে গুৱেভাৰা, বিষ্ণুপ্ৰসাদৰ আদৰ্শৰ অনুগামী জুবিন গাৰ্গক হেমাংগ বিশ্বাসৰ দৰে এজন সংগঠকৰ প্ৰয়োজন আছিল- কমিউনিষ্ট দলৰ কোনেও সেই দায়বদ্ধতা পালন কৰা নাছিল।জুবিন গাৰ্গ তাতো অকলশৰীয়া আছিল।তেওঁ যে গণনাট্য সংঘৰ সদস্য পদ লৈছিল- গণনাট্য সংঘই কি দায়িত্ব লৈছিল? বিষ্ণুপ্ৰসাদ ৰাভাকো চি পি আই দলৰ সম্ভ্ৰান্ত সকলে এনেদৰে উপলুঙা কৰিছিল- মই যিহেতু গণনাট্য সংঘৰ সক্ৰিয় কৰ্মী আছিলোঁ - সেইবাবে বহু কথাই গম পাইছিলোঁ।কমিউনিষ্ট দলবোৰৰ নেতাবোৰে পৰবৰ্তী সময়ত সাংস্কৃতিক নেতৃত্বক অস্বীকাৰ কৰিছিল।ৰাইজৰ মাজলৈ লৈ যোৱাৰ পৰিকল্পনা নাছিল।অকলশৰীয়া আছিল জুবিনদা।শিক্ষিত অনুৰাগী নথকা মানুহ - নিজে শিক্ষিত ,স্বপ্ন দেখা নায়কো অকলশৰীয়া  হৈ পৰে।জুবিন গাৰ্গ গণগায়ক ,গণশিল্পী হ'বলৈ গৈও এনেদৰে বিচ্যুত হৈ অসমৰ গণজীৱনৰ মূল হৃদস্পন্দন হৈ থাকিল তেওঁৰ অসীম প্ৰতিভাৰ বাবেহে।সঠিক পথত অনুৰাগী সমাজক সহযোগী হিচাপে পোৱা হ'লে জুবিন গাৰ্গ অহা ৫০০ বছৰলৈ অন্য এজন জুবিন হৈ থাকিলহেতেন - শংকৰ মাধৱ গুৰু দুজনাৰ দৰে !!!!!লগুণ চিঙা বামুনেই নহয় - জাতপাতহীন  ধৰ্ম নিৰপেক্ষ সমাজ এখন নিৰ্মানৰ দ্ৰষ্টা আছিল জুবিন গাৰ্গ।তাতো তেওঁ অকলশৰীয়া হৈয়েই থাকিল।

No comments:

Post a Comment

Jayanta Boruah FB Wall

 🌏 জুবিন দা হবলৈ নোৱাৰিবা। 🌏 সু*ৰা পান কৰিব পাৰিবা, কিন্তু সু*ৰাসক্ত অৱস্থাত সমাজৰ হকে কব নোৱাৰিবা। কবলৈ গলে লেকাম নাথাকিব। সু*ৰাৰ ৰাগীত হ...