কোনে কয় এই মানুহজনে একো খাতিয়ান ৰখা নাছিল, কোনে কয় তেওঁ একো গম পোৱা নাছিল!!! তেওঁ সকলো জানিছিল, সকলো বুজিছিল, বিশেষকৈ তেওঁ আটাইতকৈ বেছি মানুহ চিনিব পাৰিছিল, ইমান খিনিৰ পিছতো কেনেকৈ নিজক সামৰি সযতনে নিজক বিলীন কৰিব পাৰি তাৰ উত্তৰ কেবল তেওঁৰ ওচৰত আছিল, বহুত সহজ সৰল ভাৱে আটাইতকৈ কঠিন আৰু স্থিৰ অৰ্থাৎ স্থিতপ্ৰজ্ঞ এজন মানুহ আছিল তেওঁ, দূৰ্ভাগ্যজনক ভাৱে আমি সেইজন জুবিন গাৰ্গ'ক চিনি নাপালো আৰু কোনো চিনাকি কৰাবলৈ চেষ্টাও নকৰিলে, বহুত ভাল পাওঁ তেখেতক আমি সকলোৱে, কিন্তু সদায়েই সেইজন মানুহৰ পিছত হে আমাৰ ভালপোৱা দৌৰিছিল যিজন যন্ত্ৰৰ দৰে পৰিচালিত হৈ আছিল, যা'ক তেওঁ ভাল নাপাইছিল, কাৰণ তেওঁ যে কেতিয়াও যন্ত্ৰ হৈ থাকিব বিচৰা নাছিল।
তেওঁ মাত্ৰ দাতা আছিল, কেবল দাতা। হাজাৰ ভিৰৰ মাজতো অকলশৰীয়া হৈ পৰা এজন দাতা। যাৰ সংগী হয়টো কিতাপ!!! মাজে মাজে মই আচৰিত হৈ পৰিছিলো ইমান ব্যস্ত মানুহজনে এই কথাবোৰ জানিবলৈ পঢ়ে কেতিয়া!!!.... এতিয়া বুজিছো কোনো মানুহেই নিজক ভাল নোপোৱাকৈ নাথাকে, জুবিন গাৰ্গেও নিজক ভাল পাইছিল সেইজন জুবিনক আমি নাজানো আৰু সেইজনক ভালে ৰাখিবলৈ তেওঁ সময় উলিয়াইছিল..... আৰু আমি যিজনক জানো সেইজনৰ যান্ত্ৰিকতা ভৰা জীৱনটো তেওঁৰ বাবে আমনিদায়ক হৈ পৰিছিল, মাজে মাজে সেয়ে আমি ওলোটা কাম কৰা নিজৰ যত্ন নোলোৱা এজন তেওঁক দেখিছিলো, কথাবোৰ যে বহুত বেলেগ, কথা বোৰ যে সাগৰ এখনৰ দৰে বহু গভীৰ, জুবিন গাৰ্গ এজন চঞ্চল এঠাইত থাকিব নোৱাৰা ব্যক্তি নাছিল, তেওঁ সঁচাকৈ আছিল সাগৰৰ দৰে গভীৰ এজন ব্যক্তি। যন্ত্ৰৰ দৰে চলি থকা জীৱন পৰিক্ৰমাই অতীষ্ঠ কৰিলে হে তেওঁ চঞ্চল আৰু অধৈয্য হৈ পৰিছিল..... কাৰণ তেওঁক বুজিবলৈ তেওঁৰ জোখাৰে হয়টো তেওঁৰ ওচৰত কোনো ব্যক্তিয়েই নাছিল!!!আচৰিত!!!!
হাজাৰ জীৱ শ্ৰেষ্ঠ বুলি আমি আমাক চিঞৰিলেও এটা কথা ঠিক আমাৰ কিন্তু সদায়েই দেৰি হয়, আমি জানোতে, বুজোতে সদায়েই দেৰি হৈ যায়........... এইবাৰো দেৰি হ'ল, আগতেই বুজা হয় তোমাৰ অপ্ৰকাশিত কষ্টৰ বুজা খিনি অলপ কমিল হেতেন, অচিনা দেশত ভালে থাকা, নিজৰ হোৱা, কেবল নিজৰ🙏
#ৰীতা_চৌধুৰীয় বাইদেউলৈ বহুত ধন্যবাদ, নভবাকৈয়ে যে আপুনি ইমান ধুনীয়া সময়খিনি ধৰি ৰাখিলে, ৰৈ গ'ল জনমলৈ....
(একান্তই মোৰ নিজৰ অনুভৱ)
#লিপিকামেধিৰ লেখাৰ পৰা সংগ্ৰহিত
No comments:
Post a Comment