জুবিনে উদঙাই যোৱা বৌদ্ধিক ভণ্ডামিবোৰ :
কালি মোৰ বন্ধু তালিকাৰে এজন যুৱকে প্ৰচণ্ড উষ্মাৰে এটা প’ষ্ট দিছিল - অসমৰ তত্ত্ববাগিশ সকলে যেতিয়া জুবিনক উদণ্ড উতনুৱা বুলি অভিহিত কৰি সমালোচনাৰ নামত ঠাট্টা মস্কৰা কৰি আছিল আমি তেতিয়া জুবিনক বুকুত সজাই থৈছিলোঁ । এতিয়াহে জুবিনৰ জীৱন দৰ্শন , গানৰ মাজত তত্ত্ব বিছাৰিবলৈ আপোনালোকৰ জ্ঞান চক্ষু মুকলি হ’ল ?
কথাটো তিতা হ’লেও সত্য ।
ব্যতিক্ৰম হৈ ৰ’ল মাত্ৰ ৰীতা চৌধুৰী বাইদেউ ।
নব্বৈ দশকৰ অস্থিৰ সময়বোৰত জুবিনৰ গানবোৰে সেই সময়ৰ হতাশাগ্ৰস্ত যুৱচামক উশাহ আনি দিছিল । জুবিনৰ গীতবোৰত তেওঁলোকৰ হতাশা , প্ৰেম , আশাৰে প্ৰতিফলত ঘটিল । সেয়ে জুবিন শিপাই গৈ থাকিল তেওঁলোকৰ বুকুত ৷
জুবিনৰ দৰ্শন আৰু জীৱনবোধক উপলব্ধি কৰিব নোৱাৰাটোৱে অসমীয়া বৌদ্ধিক সমাজৰ মুখা খুলি দিলে ।
কাৰ বাবে এনে গণবিচ্ছিন বৌদ্ধিকতাৰ কুচকাৱাজ ? একোখন সমাজৰ আৱেগ অনুভূতি আৰু উপলব্ধিক যদি অনুধাৱন কৰিব নোৱাৰে তেনে বৌদ্ধিকতাৰ প্ৰয়োজনেই বা কি ?
জুবিনৰ গানত প্ৰেমেই আছিল নে ? সঁচাকৈয়ে কওঁকচোন । জুবিনৰ গানবোৰৰ আঁৰৰ তত্ত্ব ,জীৱনবোধ আৰু ইজমবোৰক যদি সন্ধান কৰা হয় সি নিজেই এটা বৃহৎ কলেৱৰ হ’বগৈ । এইখিনি কিয় কৰা নহ’ল জুবিনৰ জীৱন কালতে ?
মাহৰ মাৰ দেখি তিলে বেত মেলাৰ দৰে এসময়ত জুবিনক উদণ্ড তাৰকা গায়ক বুলি কোৱাজনে এতিয়া তেওঁক গণশিল্পীৰ আখ্যা দিলে নহ’ব নহয় । জুবিনৰ গণশিল্পী গুণখিনি তেতিয়া কিয় চকুত নপৰিল অসমৰ বৌদ্ধিক সমাজৰ ?
চিপ চিপ বৰষুণত তিতাৰে পৰা - এজন হতাশাগ্ৰস্ত যুৱকৰ কাহিনী ৷ মোৰ তৃতীয় প্ৰিয় গীত । ইয়াৰ মেটাফৰখিনি যদি প্ৰেমতে শেষ বুলি বুজিছিল তেনে সেয়া অসমৰ বৌদ্ধিক সমাজৰে বৌদ্ধিক দৈন্যতা ।
অসমৰ বিভিন্ন চেটেলাইট চেনেলে জুবিনৰ লক্ষাধিকবাৰ সাক্ষাৎকাৰ ল’লে। ইমান সুযোগ পায়ো দাৰ্শনিক জুবিন , প্ৰচুৰ জীৱনবোধেৰে সিক্ত জুবিনক উদ্ধাৰ কৰিব নোৱাৰা সাক্ষাৎগ্ৰহণকাৰীবোৰক অসমৰ ৰাইজে বৌদ্ধিক গুণসম্পন্ন ব্যক্তি বুলি স্বীকৃতি দিব নে ?
মই ব্যক্তিগত ভাবে নিদিওঁ ।
ৰীতা বাইদেৱে এটা মাত্ৰ সুবিধাতে যিজন জুবিনক আমাৰ সন্মুখত তুলি ধৰিলে কিয় অসমৰ মগজু হোৱাৰ কুচকাৱাজ লিপ্ত হৈ ৰোৱা চেলিব্ৰিটি বৌদ্ধিক ব্যক্তিসকলে নোৱাৰিলে ?
দৈন্য অসমৰ বৌদ্ধিক সমাজ যাৰ প্ৰতিনিধিয়ে জুবিনক আপোনাৰ কিয় সন্তান নাইৰ দৰে বজৰুৱা প্ৰশ্ন কৰে ।
অসমত দৰাচলতে বৌদ্ধিক সমাজৰ অস্তিত্বই নাই । বৌদ্ধিক সমাজ একোখনে সমাজৰ গতি নিয়ন্ত্ৰিত কৰে ৷ কিন্তু অসমত সমাজৰ ৰেহৰূপ চাইহে তথাকথিত বৌদ্ধিক সমাজখনে নিজৰ ভাও সলনি কৰে ।
এয়া pseudo-intellectualৰ দলহে । এচাম স্তাৱকে এনে Pseudo intellectualৰ চৌদিশে জুম পাতি সাধাৰণ জনতাক ভ্ৰমিত কৰি ৰয় ।
ব্ৰইলাৰ পোৱালিৰ বগা ৰঙত ৰঙা নীলা সানি লোকেন কুকুৰাৰ পোৱালি বুলি বিক্ৰী কৰাৰ দৰে কাৰবাৰ এয়া ।
অসমীয়া মানুহে কিতাপ নপঢ়ে ।
কিতাপ নপঢ়িলে চিন্তন - মন্থন হ’ব ক’ৰ পৰা ?
সেয়েটো ইয়াত কিতাপ পঢ়া কামটোও এক গৌৰৱ কৰিব পৰা বিষয় । কাৰণ কিতাপ পঢ়া কাৰবাৰটোৱেই ইয়াত অগতানুগতিক যে ৷ সেয়ে দুখনমান কিতাপ বেছিকৈ পঢ়িলেই অসমীয়া সমাজত বৌদ্ধিকতা জাৰি থাকিব পাৰি । কিন্তু দহহেজাৰ কিতাপ পঢ়া জুবিন - এই বিষয়টোৱেই Pseudo- intellectual সকলে ঢুকি পোৱাতকৈ বহু উচ্চ বিষয় ।
মাত্ৰ জুবিনেই এইসকলৰ উপেক্ষাৰ পাত্ৰ হোৱা নাই । মোৰ চিনাকি পৃথিৱীখনতো এনে বহু উদাহৰণো মই দেখি থৈছোঁ । বহু প্ৰতিভাৱান নতুন কলম যাৰ কলমত গভীৰতা আছে তেওঁলোকেও এনে Pseudo intellectual সকলৰ উপেক্ষাৰ বলি হৈ আহিছে ।
ময়ো নতুন । কিন্তু মই কোনোদিনেই গুৰুত্ব বিছৰা নাই । সেয়ে মই এইবোৰৰ পৰা মুক্ত ।
মোৰ মনত যি আহে মই তাকেই লিখিম ।
অসমত সঁচা বৌদ্ধিক সমাজ এখনৰ সৃষ্টি হওঁক যি আভ্যন্তৰীণ ৰাজনীতি ,তোষামোদৰ পৰা মুক্ত হৈ হীৰাবোৰক চিনি এটা নতুন প্ৰগতিশীল চিন্তাস্ৰোতৰ জন্ম দিয়ক । এনে এখন প্ৰজ্ঞা আৰু মেধাৰে পৰিপূৰ্ণ গভীৰ অৰ্ন্তদৃষ্টিসম্পন্ন বৌদ্ধিক সমাজ যাৰ সন্মুখত ৰজাঘৰীয়াও বশ হৈ থাকে ।
জুবিন নামৰ মহানায়কজনৰ প্ৰতি তেতিয়াহে আমি
প্ৰকৃত সন্মান জনোৱাটো সম্ভৱ হ’ব ।
No comments:
Post a Comment